ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এ মনোৰঞ্জনৰ সুবিধা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি প্ৰিমিয়াম ষ্ট্ৰীমিং সেৱা লায়নছগেট প্লে’ৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাই ভি মুভিজ এণ্ড টিভিৰ গ্ৰাহকসকলক জন উইক, দ্য হাংগাৰ গেমছ আৰু শ্ব’ৰ দৰে ব্লকবাষ্টাৰ ফ্ৰেঞ্চাইজিৰ লগতে একচেটিয়া প্ৰিমিয়াৰ, প্ৰশংসিত চলচ্চিত্ৰসমূহ আৰু বঁটা বিজয়ী ছিৰিজসমূহকে ধৰি উচ্চ মানৰ কণ্টেণ্টৰ বিস্তৃত শৃংখলৰ সুবিধা প্ৰদান কৰিব। তৎক্ষণাত কাৰ্যকৰী হোৱা এই অংশীদাৰিত্বৰ অৰ্থ হ’ল লায়নছগেট প্লে’ বিদ্যমান আৰু নতুন গ্ৰাহক উভয়ৰে বাবে সকলো ভি মুভিজ এণ্ড টিভি চাবস্ক্ৰিপচন প্লেনৰ সৈতে উপলব্ধ হ’ব। এই সংযোজনে ভিৰ অ’টিটি পৰ্টফলিঅ’ক আৰু অধিক শক্তিশালী কৰিব, য’ত ইতিমধ্যে জনপ্ৰিয় প্লেটফৰ্ম যেনে ডিজনী+ হটষ্টাৰ, ছনীলিভ, জি৫ আৰু ছান নেক্সট আৰু মনোৰমামেক্সৰ দৰে আঞ্চলিক কণ্টেণ্ট প্ৰদানকাৰীসকলকো অন্তৰ্ভুক্ত কৰা হৈছে। ভি মুভিজ আৰু টিভি ব্যৱহাৰকাৰীসকলে এতিয়া প্ৰাইমটাইম এমি বঁটা, গোল্ডেন গ্লোব আৰু বাফটা বঁটাকে ধৰি বিশ্বব্যাপী হিট আৰু প্ৰথিতযশা বঁট বিতৰণী অনুষ্ঠানৰ এক সমৃদ্ধ অনুষ্ঠানো উপভোগ কৰিব পাৰিব। বিবিধ আৰু বিস্তৃত কণ্টেণ্ট লাইব্ৰেৰীৰ সৈতে ভাৰতীয় দৰ্শকসকলক এক অতুলনীয় মনোৰঞ্জন অভিজ্ঞতা প্ৰদান কৰা, লাইভ টিভি চেনেল আৰু ক্ৰীড়া সমলৰ সৈতে হলীউডৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰাৰ লক্ষ্য ৰখা হৈছে। Share this:FacebookX Related Post navigation নৱবৰ্ষৰ আৰম্ভণিতে অসমলৈ আহিল ভাল খবৰ তিনিচুকীয়াত মুকলি হ’ল জিন্দাল (ইণ্ডিয়া) লিমিটেডৰ প্ৰিমিয়াম ৰঙৰ আৱৰণযুক্ত শ্বীট নিঅ’কালাৰ+