ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য। লক্ষ্ণৌৰ লা মাৰ্টিনিয়াৰ কলেজ হেলিপেডৰ পৰা উৰা মৰাৰ কিছু সময় পাছতেই হেলিকপ্টাৰখনত ধৰা পৰে গুৰুতৰ যান্ত্ৰিক বিজুতি। লগে লগে পাইলটে অত্যন্ত তৎপৰতাৰে লক্ষ্ণৌ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱাত এক ডাঙৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰে উপ-মুখ্যমন্ত্ৰীগৰাকী।

প্ৰত্যক্ষদৰ্শীৰ মতে, উৰণৰ পাছতেই হেলিকপ্টাৰখনৰ ভিতৰত হঠাৎ ধোঁৱা ওলোৱা দেখা গৈছিল। সেই সময়ত হেলিকপ্টাৰখনত মৌৰ্যৰ লগতে তেওঁৰ এজন সহযোগী আৰু দুজন পাইলটসহ মুঠ পাঁচজন লোক আছিল। লক্ষ্ণৌ বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰাৰ পাছত উপ-মুখ্যমন্ত্ৰীগৰাকী সুস্থ আছে বুলি জানিব পৰা গৈছে। তেওঁ পৰৱৰ্তী সময়ত আন এখন হেলিকপ্টাৰেৰে কৌম্বীৰ পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীলৈ ৰাওনা হয়।

ইতিমধ্যে এক বিশেষজ্ঞৰ দলক হেলিকপ্টাৰখনৰ বিজুতিৰ কাৰণ পৰীক্ষা কৰিবলৈ বিমানবন্দৰলৈ প্ৰেৰণ কৰা হৈছে। কি পৰিস্থিতিত হেলিকপ্টাৰখনৰ ভিতৰত ধোঁৱাৰ সৃষ্টি হ’ল, সেই সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰা হৈছে। ভিভিআইপিৰ সুৰক্ষাত হোৱা এই বিসংগতিয়ে এতিয়া প্ৰশাসনৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *