আগন্তুক বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলে। শুকুৰবাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে দলটোৰ সভাপতি প্ৰমোদ বড়োৱে। চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত এক বিশাল মটৰচাইকেল ৰেলীত অংশ লৈ তেওঁ কয় যে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থতেই দলটোৱে কাৰো সৈতে মিত্ৰতা নকৰাকৈ আগবাঢ়িব। প্ৰাৰ্থিত্বৰ সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়, “বিটিআৰৰ ১৫টা বিধানসভা সমষ্টিতে আমি প্ৰাৰ্থী থিয় কৰাম। বড়োলেণ্ডৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে আমি সদায়ে দায়বদ্ধ।” তেওঁ লগতে কয়, “যোৱা ২০২১ চনৰ নিৰ্বাচনত আমি বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ আছিলোঁ। কিন্তু শেহতীয়া বিটিচি নিৰ্বাচনত দুয়োটা দলে পৃথকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত নিৰ্বাচনী বতাহ সলনি হৈছে।” উল্লেখ্য যে বিটিচি নিৰ্বাচনৰ পাছত বিপিএফে ক্ষমতা দখল কৰাৰ পৰিপ্ৰেক্ষিতত ইউপিপিএলে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ এই ৰাজনৈতিক কৌশল গ্ৰহণ কৰিছে। বিজেপিৰ সৈতে মিত্ৰতা থকা স্বত্বেও বিটিআৰৰ ১৫খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ এই ঘোষণাই সমাগত নিৰ্বাচনত এক নতুন মাত্ৰা যোগ কৰিছে। দলটোৰ এই শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে আজিৰ ৰেলীটোত হাজাৰ হাজাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। Share this:FacebookX Related Post navigation শিৱসাগৰৰ প্ৰাৰ্থিত্বক লৈ মিত্ৰজোঁটত অনিশ্চয়তা; অখিল গগৈৰ মিত্ৰতাক নাটক আখ্যা মুখ্যমন্ত্ৰীৰ নীতিশ কুমাৰৰ ৰাজ্যসভা গমনক লৈ তীব্ৰ কটাক্ষ কংগ্ৰেছৰ; বিহাৰৰ পৰিস্থিতিক ‘ৰাজনৈতিক বিদ্ৰোহ’ আখ্যা জয়ৰাম ৰমেশৰ