দেশত নাটনি নহয় ইন্ধনৰ। চৰম উত্তেজনাপূৰ্ণ বৈশ্বিক পৰিস্থিতি আৰু ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বন্ধ হৈ পৰাক লৈ সৃষ্টি হোৱা তীব্ৰ উৎকণ্ঠাৰ মাজতে আজি দেশবাসীক এই অভয়বাণী প্ৰদান কৰিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশ্বৰ শক্তি যোগান ব্যৱস্থাত জোকাৰণি তুলিলেও ভাৰতৰ খাৰুৱা তেল আৰু এলপিজিৰ যোগান সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি তেওঁ লোকসভাৰ মজিয়াত স্পষ্ট কৰি দিয়ে। সদনত ইন্ধনৰ নাটনিক লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পুৰীয়ে কয়, “দেশত পেট্ৰ’ল, ডিজেল, কেৰাচিন বা বিমানৰ ইন্ধনৰ কোনো নাটনি নাই। পেট্ৰ’ল-ডিজেলৰ পৰা আৰম্ভ কৰি এলপিজিলৈকে সকলো সামগ্ৰীৰ উপলব্ধতা আমি সম্পূৰ্ণৰূপে নিশ্চিত কৰিছোঁ। বৰ্তমান বিশ্বই ইতিহাসৰ এক অভূতপূৰ্ব সংকটৰ মাজেৰে গতি কৰিছে আৰু এই যুদ্ধত ভাৰতৰ কোনো ভূমিকা নাথাকিলেও ইয়াৰ পৰিণতিৰ সৈতে আমি যুঁজ দিবলগীয়া হৈছে।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কূটনৈতিক সফলতাৰ কথা উল্লেখ কৰি শক্তি মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপৰ বাবে আমি এনে কিছুমান উৎসৰ পৰা খাৰুৱা তেল সুনিশ্চিত কৰিছোঁ, যিটো পৰিমাণ ‘ষ্ট্ৰেইট অব হৰমুজ’ৰ যোগেদি অহা তেলতকৈয়ো অধিক। দেশৰ ৩৩ কোটি পৰিয়ালৰ পাকঘৰত যাতে ইন্ধনৰ অভাৱ নহয়, সেয়া আমাৰ চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ।” ভাৰতে ইন্ধন সংগ্ৰহৰ ক্ষেত্ৰত লোৱা বৈচিত্ৰ্যপূৰ্ণ কৌশলৰ বিষয়ে তেওঁৰ ভাষ্য, “পূৰ্বে আমি আমাৰ প্ৰয়োজনৰ ৬০ শতাংশ এলপিজি উপসাগৰীয় দেশসমূহৰ পৰা আমদানি কৰিছিলোঁ। কিন্তু বৰ্তমান আমি আমেৰিকা, নৰৱে, কানাডা, আলজেৰিয়া আৰু ৰাছিয়াৰ পৰা ইন্ধন আমদানি কৰি যোগান ব্যৱস্থা সুৰক্ষিত কৰিছোঁ। ইয়াৰ উপৰি শোধনাগাৰসমূহক দিয়া বিশেষ নিৰ্দেশনাৰ জৰিয়তে যোৱা পাঁচ দিনত দেশৰ এলপিজি উৎপাদন ২৮ শতাংশ বৃদ্ধি কৰা হৈছে।” যুদ্ধৰ বাবে বিশ্বজুৰি ইন্ধনৰ বজাৰত অস্থিৰতাই দেখা দিছে যদিও ভাৰত চৰকাৰে গ্ৰহণ কৰা এই বিকল্প ব্যৱস্থাসমূহে দেশৰ গ্ৰাহকসকলক সকাহ দিব বুলি আশা কৰা হৈছে। বিশেষকৈ ৰাছিয়া আৰু আমেৰিকাৰ দৰে দেশৰ পৰা ইন্ধন সংগ্ৰহ কৰি উপসাগৰীয় দেশসমূহৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰাটো ভাৰতৰ এক ডাঙৰ কূটনৈতিক বিজয় হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ঘোষণাই নিৰ্বাচনৰ পূৰ্বে দেশত ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা উৰাবাতৰি আৰু আতংকত বিৰাম পেলাব বুলি ধাৰণা কৰা হৈছে। Share this:FacebookX Related Post navigation পশ্চিম এছিয়াৰ যুদ্ধত বিধ্বস্ত হ’ব পাৰে ভাৰতৰ অৰ্থনীতিঃ সংসদত আশংকা ৰাহুল গান্ধীৰ