নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলগীয়া কেইবাজনো হেভিৱেট প্ৰাৰ্থীৰ মনোনয়ন পত্ৰক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ বিভ্ৰান্তিৰ। ৰাজ্যৰ ১২৪টা সমষ্টিৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে যদিও বৰপেটা আৰু ঢেকীয়াজুলিৰ ফলাফল এতিয়াও ঘোষণা কৰা নাই। বিশেষকৈ ঢেকীয়াজুলিৰ বিজেপি প্ৰাৰ্থী তথা কেবিনেট মন্ত্ৰী অশোক সিংঘলৰ মনোনয়ন পত্ৰক লৈ নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰদৰ্শিত তথ্যই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৰ্তমানলৈ বৈধ বুলি বিবেচিত হৈছে। ইয়াৰ বিপৰীতে ঢেকীয়াজুলিত অশোক সিংঘল আৰু কংগ্ৰেছ প্ৰাৰ্থী বতাছ ওৰাং তথা বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰ দাসৰ মনোনয়নৰ স্থিতি এতিয়াও আয়োগৰ ৱেবছাইটত কেৱল আবেদন হিচাপেই প্ৰদৰ্শিত হৈ আছে। আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মুঠ ৮১৫ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছিল ১,৩৮৯ টা মনোনয়নৰ চেট।

ঢেকীয়াজুলি সমষ্টিৰ বাবে দাখিল হোৱা ১০ খন মনোনয়নৰ ভিতৰত ৮ খনেই গ্ৰহণ কৰে আয়োগে। বাকী থকা গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় হ’ব আজিৰ পৰীক্ষণত। উল্লেখ্য যে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম সময় অহা ২৬ মাৰ্চৰ বিয়লি ৩ বজালৈ নিৰ্ধাৰণ কৰিছে নিৰ্বাচন সঞ্চালকালয়ে।

বিদায়ী বিধানসভাত বিজেপিৰ হাতত ৬৪ খন আসন থকাৰ বিপৰীতে মিত্ৰজোঁটৰ অগপৰ ৯ গৰাকী, ইউপিপিএলৰ ৭ গৰাকী আৰু বিপিএফৰ ৩ গৰাকী বিধায়ক আছে। আনহাতে বিৰোধী শিবিৰত কংগ্ৰেছৰ ২৬ গৰাকী, এআইইউডিএফৰ ১৫ গৰাকী আৰু চিপিআই(এম)ৰ এগৰাকী বিধায়কৰ লগতে এজন নিৰ্দলীয় সদস্য আছে। অহা ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোটগণনাৰ পাছতহে স্পষ্ট হ’ব ৰাজ্যৰ ৰাজনৈতিক ছবিখন।

Leave a Reply

Your email address will not be published. Required fields are marked *