আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ ভিতৰচ’ৰাত আসন বুজাবুজিৰ কুচকাৱাজ চলি থকাৰ মাজতে শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই শাসকীয় দলে। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰাৰ লগতে ৰাইজৰ দলৰ নেতা অখিল গগৈৰ মিত্ৰতাৰ ৰাজনীতিক লৈ তীব্ৰ আক্ৰমণ কৰে। শাসকীয় বিজেপি আৰু অগপ- দুয়োটা দলেই এই ঐতিহাসিক সমষ্টিটোৰ বাবে দাবী উত্থাপন কৰি থকাৰ ফলত এক আমোদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাৰ্থিত্বৰ জটিলতা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, “শিৱসাগৰ আসনখনৰ বাবে আমি এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। যিহেতু আমাৰ মিত্ৰ দল অগপ আৰু বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব বিচাৰিছে, সেয়েহে আমি এতিয়াও বিষয়টো আলোচনা কৰি আছোঁ।” মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ মিত্ৰতা গঢ়াৰ প্ৰক্ৰিয়াটোক ‘নাটক’ বুলি অভিহিত কৰি তেওঁক তীব্ৰ কটাক্ষ কৰে। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে কৰা ৰাজনৈতিক কৌশলসমূহ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোলৈকে চলি থাকিব বুলিও তেওঁ দাবী কৰে। তেওঁ লগতে কয়, “মিত্ৰতাৰ ক্ষেত্ৰত অখিল গগৈকে কেতিয়াও বিশ্বাস নকৰিব। মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিনটোলৈকে এই নাটক চলি থাকিব।” শিৱসাগৰৰ দৰে হাই-প্ৰফাইল সমষ্টিত প্ৰাৰ্থিত্বক লৈ চলা এই টনা-আঁজোৰাই ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। বিশেষকৈ বিজেপি আৰু অগপৰ মাজত কোনটো দলে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব, সেয়া এতিয়াও মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্বৰ বাবে এক প্ৰত্যাহ্বান হৈয়ে আছে। ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সমষ্টিসমূহৰ আসন ভাগ-বতৰাক লৈ শাসনাধিষ্ঠিত মিত্ৰজোঁটে ধাৰাবাহিকভাৱে আলোচনা অব্যাহত ৰখাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই ভাষ্যই বিৰোধী শিবিৰতো খলকনি তুলিছে। Share this:FacebookX Related Post navigation ৰাজ্যসভা নিৰ্বাচনত বিজেপি-এ আই ইউ ডি এফৰ গোপন মিত্ৰতা; হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ বিটিআৰৰ ১৫খন আসনতে অকলে যুঁজৰ হুংকাৰ ইউপিপিএলৰ; মিত্ৰতাক লৈ স্থিতি স্পষ্ট প্ৰমোদ বড়োৰ