সাত বছৰ আগৰ আজিৰ দিনটোতে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত এক আত্মঘাতী বোমা বিস্ফোৰণে জোকাৰি গৈছিল সমগ্ৰ দেশ। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা কনভয়ক লক্ষ্য কৰি কৰা এই ভয়াবহ আক্ৰমণত ৪০ গৰাকী জোৱানে প্ৰাণ হেৰুৱাইছিল। জম্মু আৰু কাশ্মীৰৰ ইতিহাসত অন্যতম ক’লা অধ্যায় হিচাপে পৰিগণিত হোৱা এই দিনটোত আজিও দেশবাসীয়ে সেই শ্বহীদ জোৱানসকলৰ বলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা সেই আক্ৰমণে কেৱল নিৰাপত্তাৰ দিশটোকেই নহয়, বৰঞ্চ উপত্যকাটোৰ সামগ্ৰিক ৰাজনৈতিক আৰু কৌশলগত পৰিৱেশকো চিৰদিনৰ বাবে সলনি কৰি দিছিল। বিষ্ফোৰক ভৰ্তি এখন বাহনেৰে চি আৰ পি এফৰ বাছখনত খুন্দা মৰাৰ ফলত সৃষ্টি হোৱা সেই বিভীষিকাৰ প্ৰভাৱ আজিও ভুক্তভোগী পৰিয়ালসমূহৰ লগতে দেশৰ নিৰাপত্তা ব্যৱস্থাত অনুভৱ কৰা হয়। এই ঘটনাই ভাৰত আৰু পাকিস্তানৰ মাজৰ কূটনৈতিক সম্পৰ্কটো এক নতুন মোৰ দিছিল।

আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কাশ্মীৰৰ শ্বহীদ স্মাৰকতো জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে। এই সপ্তম বৰ্ষপূৰ্তিয়ে দেশৰ সীমান্ত ৰক্ষা আৰু সন্ত্ৰাসবাদ বিৰোধী যুঁজখনৰ প্ৰতি থকা সংকল্পক পুনৰবাৰ সোঁৱৰাই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *