টয়োটা কিৰ্লোস্কাৰ মটৰ প্ৰাইভেট লিমিটেডে (টিকেএম) ‘গ্ৰাহক-প্ৰথম’দৰ্শনৰ সৈতে সংগতি ৰাখি বৈপ্লৱিক গাড়ী যত্নৰ ব্ৰেণ্ড “টি গ্ল’ছ” মুকলিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, এনে সুদুৰপ্ৰসাৰী পদক্ষেপৰ জৰিয়তে ব্ৰেণ্ডটোৱে গাড়ীৰ বিৱৰণৰ জগতখনত প্ৰৱেশ ঘটাব। ভাৰতীয় গ্ৰাহকৰ মাজত উচ্চ মানদণ্ডৰ আৰু নিৰ্ভৰযোগ্য গাড়ীৰ বিৱৰণ সেৱা(ডিটেইলিং চাৰ্ভিছ)ৰ দ্ৰুতগতিত বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি সঁহাৰি জনাই টিকেএমে বিশেষভাৱে টয়োটা বাহনৰ বাবে প্ৰস্তুত কৰা সমাধানৰ বিস্তৃত পৰিসৰৰ সৈতে বাহন যত্ন উদ্যোগক পুনৰ সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে। ২০২৪ৰ ১ মে’ৰ পৰা ভাৰতৰ প্ৰতিটো অনুমোদিত টয়োটা ডিলাৰশ্বিপত “টি গ্লছ” সুবিধাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে অতি পেছাদাৰীভাৱে প্ৰদান কৰা মানসম্পন্ন গাড়ী যত্ন সমাধানৰ সুবিধাজনক প্ৰৱেশ লাভ কৰে, যাৰ জৰিয়তে মালিকীস্বত্বৰ এক আনন্দদায়ক অভিজ্ঞতা নিশ্চিত হয়। যিকোনো গাড়ী নিৰ্মাতাৰ প্ৰথম পদক্ষেপ হিচাপে “টি গ্লছ” ব্ৰেণ্ডৰ অধীনত টিকেএমে বাহনৰ ভিতৰ আৰু বাহিৰ দুয়োফালে অবয়ব উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা বিভিন্ন সেৱাসমূহ আগবঢ়াব। ইয়াত অন্তৰ্ভুক্ত থাকে চিৰামিক আৱৰণ, আণ্ডাৰবডী কোটিং, চাইলেন্সাৰ কোটিং আৰু আভ্যন্তৰীণ পেনেল সুৰক্ষা। এই সেৱাসমূহে কেৱল বাহনৰ নান্দনিক আকৰ্ষণ বৃদ্ধি কৰাৰ বাবেই নহয় লগতে পৰিৱেশগত উপাদানবোৰৰ সৈতে সৰ্বোত্তম সুবিধা প্ৰদান কৰিবলৈ কিছুমান বিশেষ সুৰক্ষা প্ৰদান কৰে। গ্ৰাহকে গাড়ীখনত নতুন জীৱন প্ৰদান কৰিব পৰা নান্দনিক আবেদনক পুনৰ সজীৱ কৰি তোলা আৰু সদায় নতুনত্বৰ দৰে দেখাটো নিশ্চিত কৰা অভ্যন্তৰীণ সমৃদ্ধি আৰু বাহ্যিক সৌন্দৰ্য্যকৰণ সেৱাৰ দৰে বিস্তৃত সেৱাও লাভ কৰিব পাৰে। ইয়াৰ লগতে যাত্ৰীৰ কল্যাণৰ বাবে “টি গ্লছ” সেৱাসমূহে এচি ডাক্ট পৰিষ্কাৰ কৰা আৰু বাষ্পীভৱনকাৰী(ইভাপৰেটৰ) পৰিষ্কাৰ কৰিবলৈ সকলো সুবিধাৰ ব্যৱস্থা ৰাখিছে, যিয়ে এক নিৰ্মল পৰিৱেশলৈ অৰিহণা যোগাই সুস্থ গাড়ী চালনা পৰিৱেশৰ প্ৰসাৰ ঘটাইছে। সকলো সেৱাই বাহনৰ ভিতৰ আৰু বাহিৰৰ অংশক সজীৱ কৰি তোলাৰ বাবে নিখুঁতভাৱে ডিজাইন কৰা হৈছে যাতে টয়োটাৰ গৰাকীক গৰ্ব আৰু সন্তুষ্টিৰ নৱীকৃত অনুভূতি প্ৰদান কৰিব পাৰে। টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী ব্যৱসায় খণ্ডৰ উপাধ্যক্ষ সবাৰি মনোহৰে এই পদক্ষেপৰ বিষয়ে নিজৰ উচাহ ব্যক্ত কৰি কয় যে, “আমি “টি গ্ল’ছ” উন্মোচন কৰি অতিশয় আনন্দিত হৈছো, যিয়ে টয়োটা কিৰ্লোস্কাৰ মটৰৰ উদ্ভাৱনীমূলক আৰু উদ্যোগৰ প্ৰথম পদক্ষেপ ‘গ্ৰাহক প্ৰথম’ দৰ্শনৰ প্ৰতি অটল সমৰ্পণ দাঙি ধৰে। আমি গাড়ীৰ মালিকসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ট্ৰেণ্ড দেখিবলৈ পাইছো, যিয়ে মানসম্পন্ন বাহন তত্বাৱধানক গুৰুত্ব প্ৰদান কৰে আৰু “টি গ্লছ”ৰ জৰিয়তে নিজৰ গাড়ীখনক নান্দনিকভাৱে উৎকৃষ্ট অৱস্থাত ৰখাত সহায় কৰি নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। টি গ্লছ” হৈছে গ্ৰাহকক উচ্চ মানদণ্ডৰ বাহন যত্নৰ সমাধান প্ৰদান কৰাৰ লক্ষ্যৰে এক ৱান-ষ্টপ-শ্বপ সমাধান, যাক বিশেষভাৱে টয়োটা বাহনৰ বাবে প্ৰস্তুত কৰা হয়। এনে পদক্ষেপৰ জৰিয়তে বাহনবোৰৰ সুৰক্ষা আৰু তত্তাৱধান নিশ্চিত কৰা হয় যাতে দীৰ্ঘদিনলৈকে বাধাহীন বা হেঁচামুক্ত মালিকীস্বত্বৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হয়। এই মুকলিৰ জৰিয়তে টয়োটাৰ মালিকসকলক এক সৰ্বাত্মক কাৰ কেয়াৰ সমাধান প্ৰদান কৰাৰ আমাৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে যি আমাৰ গুণগত মানদণ্ড, বহনক্ষমতা আৰু নিৰ্ভৰযোগ্যতাৰ মূল মূল্যবোধ(কিউডিআৰ)ৰ সৈতে নিৰ্বিঘ্নে প্ৰতিনিয়ত সংৰেখিত হয়।” Share this:FacebookX Related Post navigation দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা টাটা মটৰ্ছে গুৱাহাটীৰ অত্যাধুনিক স্পেয়াৰ পাৰ্টছ ৱেৰহাউচৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ লজিষ্টিকত বৈপ্লৱিক পৰিৱৰ্তন আনিছে