২০২৪ৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ উত্তৰ-পূৰ্বাঞ্চলত পঞ্চম ‘গ্ৰেট ৪X৪ এক্সপেডিচন বাই টয়োটা’ মুকলি কৰি অফ-ৰোড অন্বেষণৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিছে টয়োটা কিৰ্লোস্কাৰ মটৰে। পৰম্পৰাগত অফ-ৰোড দুঃসাহসিক অভিযানক নতুন মাত্ৰা প্ৰদানেৰে এই অভিযানে অটোমোটিভ প্ৰযুক্তি আৰু পৰিৱেশ বহনক্ষমতাৰ শেহতীয়া উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰিছে। উন্নত ট্ৰেকচন কণ্ট্ৰ’ল, টেৰেইন ৰেচপন্স চিষ্টেম আৰু ৰগড অথচ ইক’-ফ্ৰেণ্ডলী ইঞ্জিনৰ দৰে অত্যাধুনিক সুবিধাসমূহেৰে সজ্জিত টয়োটাৰ আইকনিক এছ ইউ ভি – হাইলাক্স, এল চি৩০০, ফৰ্চুনাৰ আৰু হাইৰাইডাৰ এডব্লিউডিয়ে অফ-ৰোডিং ক্ষমতাৰ সীমা ন ৰূপত সংজ্ঞায়িত কৰিছে। এই অভিযানত অংশ লোৱা এজন উৎসাহী অংশগ্ৰহণকাৰী অক্ষয়ে মন্তব্য কৰি কয় যে, আমি কেৱল বাহন চলোৱাই নহয়, অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে সম্বৱপৰ সকলোবোৰ কাম কৰাৰ প্ৰয়াস কৰিছোঁ। বাহনৰ সম্প্ৰসাৰণতে সীমাবদ্ধ নহয়, উদ্ভাৱনৰ প্ৰতি টিকেএমৰ প্ৰতিশ্ৰুতি সদায়ে আছে। সংকল্প টৰু এনজিঅ’ৰ সহযোগত এক ভাৰ্চুৱেল গছপুলি ৰোপণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে পৰিৱেশ সংৰক্ষণৰ বাবেও অৰিহণা যোগায় যাতে পৃথিৱীত স্থায়ী প্ৰভাৱ পেলোৱা প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰি। তদুপৰি টিকেএমে শৈক্ষিক উপাদানবোৰ একত্ৰিত কৰি অংশগ্ৰহণকাৰীসকলক বাহনৰ পিছফালৰ অভিযান্ত্ৰিক চমত্কাৰৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰি অধিক কৌতূহল আৰু অন্বেষণেৰে ভৰা এক সংস্কৃতি গঢ়ি তোলে। Share this:FacebookX Related Post navigation ড° ৰীতা চৌধুৰী বাংলাদেশৰ মুক্তি যুদ্ধৰ উপৰত লিখা উপন্যাস “Zero Hour “-ব আলাপ আলোচনা চক্র অনুষ্ঠিত চেমচাঙে ১১ কেজি এআই ইকোবাবলটিএমৰ নতুন পৰিসৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে