অসমৰ পৰা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে বিজেপি আৰু ইউ পি পি এলৰ তিনিওগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই বিজেপিৰ যোগেন মহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্ৰমোদ বড়োক আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰে। প্ৰতিখন আসনৰ বিপৰীতে মাত্ৰ এগৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ বাবে কোনো ভোটগ্ৰহণৰ প্ৰয়োজন নোহোৱাকৈয়ে তিনিওগৰাকী প্ৰাৰ্থী সাংসদ হিচাপে নিৰ্বাচিত হয়।

অহা ১৬ মাৰ্চত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোনো বিৰোধী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা নকৰাত আজি বিয়লি তিনিওগৰাকীকে বিজয়ীৰ প্ৰমাণপত্ৰ অৰ্পণ কৰা হয়। অসম বিধানসভা সচিবালয়ত থকা ৰাজ্যসভা নিৰ্বাচনৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াই নৱ-নিৰ্বাচিত সাংসদ কেইগৰাকীক আনুষ্ঠানিকভাৱে এই স্বীকৃতি প্ৰদান কৰে।

উল্লেখ্য যে, অহা মে’ মাহত ৰাজ্যসভাত অসমৰ তিনিখন আসন খালী হ’ব। বৰ্তমান এই আসনকেইখনত বিজেপিৰ ৰামেশ্বৰ তেলী, ভূৱনেশ্বৰ কলিতা আৰু বিৰোধীৰ উমৈহতীয়া প্ৰতিনিধি অজিত কুমাৰ ভূঞাই প্ৰতিনিধিত্ব কৰি আছে। কিন্তু বিধানসভাত থকা সংখ্যাগত শক্তি আৰু বিৰোধীৰ ৰাজনৈতিক সমীকৰণৰ বাবে এইবাৰ তিনিওখন আসনতে শাসকীয় এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়।

বিজেপিৰ জ্যেষ্ঠ নেতা যোগেন মহন আৰু তেৰছ গোৱালাৰ লগতে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ এই জয়ে ৰাজ্যসভাত শাসকীয় পক্ষৰ শক্তি অধিক বৃদ্ধি কৰিলে। মনোনয়ন পত্ৰ দাখিলৰ দিনাই তেওঁলোকৰ জয় একপ্ৰকাৰ নিশ্চিত আছিল যদিও আজি মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিনটোত ইয়াত আনুষ্ঠানিক মোহৰ মৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *