দৌলোৎসৱৰ আজিৰ দিনটোত ৰং বিৰঙৰ আবিৰেৰে ৰঞ্জিত হৈ পৰিল ঐতিহাসিক গোপাল আতা আৰু আই পদ্মপ্ৰিয়া সত্ৰৰ লগতে পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ। দিনৰ প্ৰায় এঘাৰ বজাত গোঁসাইক দৌলৰ পৰা অৱৰোহণ কৰাৰ পিছতেই অনুষ্ঠিত ‘গোঁসাই ফুৰোৱা’ কাৰ্যসূচী পুৰণ ভৱানীপুৰ গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক চন্দ্ৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তাৰ পিছতেই প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ‘গোঁসাই ফুৰোৱা’ কাৰ্যসূচী সম্পন্ন হয়। সমগ্ৰ বাট-পথ ৰঙ-বিৰঙৰ আবিৰ ছটিয়াই হৰিনাম পৰিবেশ কৰি ঐতিহাসিক গোপাল আতা সত্ৰ আৰু আই পদ্মপ্ৰিয়া সত্ৰত উপস্থিত হোৱাৰ পিছতেই সুৱেৰী উপলক্ষে আনন্দত বুৰ গ’ল ‘শৰণীয়া’ তিনিশ পৰিয়াল।শৰণীয়া লোকসকলে ইজনে সিজনক আবিৰ ছটিয়াই আনন্দ প্ৰকাশ কৰাৰ লগত ঠাইতে শৰাই নৈবেদ্য আগবঢ়াই হৰিনাম পৰিবেশন কৰা হয়। আনহাতে ওভতনি যাত্ৰাকালত পুৰণ ভৱানীপুৰ গাঁৱৰ প্ৰতিটো পৰিয়ালেই পদূলিমূখত একোটাকৈ কলপুলি ৰোপণ কৰি পাণ-তামোল আৰু শৰাই নৈবেদ্য আগবঢ়াই ভক্তিপ্ৰাণ ৰাইজৰ সেৱা লোৱা পৰিলক্ষিত হয়। গোসাঁই ফুৰোৱা কাৰ্যসূচী সমাপন হোৱাৰ পিছত শোভাযাত্ৰাৰে সৈতে ভক্তিপ্ৰাণ ৰাইজৰ দলটো আহি নামঘৰ চৌহদত উপস্থিত হোৱাৰ পিছত আবেলি তিনিবজাত গোসাঁইক হেকটা খুওৱাৰ নিমিত্তে নাতিদূৰৈৰ ভালাগুৰীৰ ব্ৰহ্মৰজাৰ থানলৈ আবিৰ ছটিয়াই ৰঙ ৰহইচৰ মাজেৰে প্ৰায় সহস্ৰাধিক ভক্তিপ্ৰাণ ৰাইজৰ দলটোৱে যাত্ৰা কৰে। হেকটা খুওৱা কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতেই নিশা প্ৰায় সাত বজাত পুনৰ পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ অভিমুখে দলটোৱে গতি কৰে আৰু নামঘৰৰ পদূলিমুখত ‘বাঁহভঙা কাৰ্যসূচী’ৰে অনুষ্ঠানৰ সামৰণি মৰা হয়। Share this:FacebookX Related Post navigation ২০১৮ৰ পৰা একেৰাহে চতুৰ্থ বাৰলৈ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী দিল্লী কাউলী আদৰ্শ জাতীয় বিদ্যালয়ে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ সক্ষম হোৱাটো কম গৌৰৱৰ কথা নহয়- এই মন্তব্য অসম বিধান সভাৰ অধ্যক্ষ -বিশ্বজিত দৈমাৰী