ডিমা হাছাও জিলাৰ মাইবাং আৰক্ষী থানাৰ অন্তৰ্গত হৰিচন্দ্ৰপুৰৰ পৰা ১ মাৰ্চৰ দুপৰীয়াৰে পৰা তিনিটাকৈ শিশু সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন শিশু কেইটা ক্ৰমে ১২ বছৰীয়া ৰণু কুৰ্মী, ১০ বছৰীয়া সঞ্জু ঘাটোৱাৰ আৰু ৯ বছৰীয়া আমন কুৰ্মী বুলি চিনাক্ত কৰা হৈছে।

দেওবাৰে দুপৰীয়া ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা শিশুকেইটাৰ কোনো শুংসূত্ৰ নোলোৱাত পৰিয়ালৰ লোকসকল এতিয়া গভীৰ চিন্তাত পৰিছে।

ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰা হৈছে আৰু আৰক্ষীয়ে শিশুকেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

ইফালে, দুৰ্ভগীয়া পৰিয়ালৰ তৰফৰ পৰা শিশুকেইটাৰ কিবা সম্ভেদ পালে ৯৩৬৫৪৫২৮০৪ নম্বৰত যোগাযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *