সমাগত বসন্ত ঋতুক সাদৰ সম্ভাষণ জনাবলৈ অহা ৮ মাৰ্চ, দেওবাৰে আদাবাৰীস্থিত অটল উদ্যানত আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান—‘বসন্তবিলাস’। কলাসমন্বয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোত বসন্তৰ ৰঙ, সুৰ আৰু সৃষ্টিশীল চেতনাৰ এক মনোমোহা মিলন দেখা যাব।

উল্লেখযোগ্য যে, সেইদিনা আন্তৰ্জাতিক নাৰী দিৱসৰ লগত একে সময়তে সোসাইটি অফ ইণ্ডিয়ান পাৰফৰ্মিং আৰ্টছ এণ্ড কালচাৰ (K-SIPAC)-ৰ উদ্যোগত গঢ় লৈ উঠা কলাসমন্বয় গোষ্ঠীৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসো উদযাপন কৰা হ’ব। সেই উপলক্ষে বসন্তৰ আনন্দৰ লগতে নাৰী শক্তিৰ সন্মান আৰু চেতনাক উজ্জ্বল কৰিবলৈ আয়োজন কৰা হৈছে এক বিশেষ আলোচনাচক্ৰ।

এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব খ্যাতনামা স্ত্ৰীৰোগ বিশেষজ্ঞ ডা. ৰীতা ভূঞা, বিশিষ্ট সংস্কৃত পণ্ডিত ডা. সুদেষ্ণা ভট্টাচাৰ্য আৰু প্ৰখ্যাত সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য্যই। আলোচনাচক্ৰটোৰ সমন্বয়ৰ দায়িত্বত থাকিব শ্ৰী মদন গোপাল গোস্বামী।

অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব স্বনামধন্য চিকিৎসক ডা. সাধন দাস। লগতে পদ্মশ্ৰীপ্ৰাপ্ত সমাজকৰ্মী অজয় দত্ত, অসম আৰক্ষীৰ সীমান্ত শাখাৰ ভারপ্ৰাপ্ত আইজিপি শ্ৰী দেবজিৎ মুখোপাধ্যায় (আইপিএস), লেখক তথা সমাজকৰ্মী সঞ্জয় গুপ্তা, কবি সঞ্জয় চক্ৰৱৰ্তী, সমাজকৰ্মী ৰাজেশ বাত্রা, শিক্ষাবিদ মনোৰঞ্জন কলিতা, অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী, সাহিত্যিক উদয়ন বিশ্বাস আদি কেইবাজনো বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

অনুষ্ঠানৰ দ্বিতীয়াংশত অনুষ্ঠিত হ’ব এক মনোমোহা সাংস্কৃতিক সন্ধ্যা, য’ত সংগীত, নৃত্য, আবৃত্তি আৰু শাস্ত্ৰীয় পৰিবেশনৰ জৰিয়তে বসন্তৰ আনন্দ, প্ৰেম, ভক্তি আৰু সৃষ্টিশীলতাৰ বহুমাত্ৰিক ৰূপ প্ৰকাশ পাব। লোকসংগীত, আবৃত্তি, নজৰুল গীতি, ৰবীন্দ্ৰ সংগীত, কথক নৃত্য আৰু শাস্ত্ৰীয় সংগীতৰ লগতে হোলিৰ ৰঙীন উল্লাসক লৈ এক বিশেষ পৰিবেশনো অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হৈছে।

আয়োজকসকলে জনোৱা অনুসৰি, বসন্তৰ ভাব, আবেগ, আনন্দ আৰু উচ্ছ্বলতাক একাত্ম কৰি আগবঢ়োৱা এই অনুষ্ঠানটোলৈ সকলো শিল্পপ্ৰেমী আৰু সংস্কৃতিমনা নাগৰিকক সাদৰ নিমন্ত্ৰণ জনোৱা হৈছে। অনুষ্ঠানটো ৮ মাৰ্চ বিয়লি ৩:৪৫ বজাৰ পৰা আদাবাৰী তিনিআলিস্থিত অটল উদ্যানত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *