আগন্তুক বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় ঘটিব কংগ্ৰেছ মিত্ৰজোঁটৰ। এই দাবীৰে একপ্ৰকাৰ যুদ্ধংদেহী হুংকাৰ দিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। আজি গোলাঘাটত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত তেওঁ কয় যে বৰ্তমান ৰাজ্যৰ কোনো এখন জিলাতেই বিৰোধীৰ অস্তিত্ব বিচাৰি পোৱা নাযাব। বিৰোধী সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, “এইবাৰ এন ডি এৰ ভোট আগতকৈ বাঢ়িব আৰু আসনৰ সংখ্যাও বৃদ্ধি পাব। অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰিছো, তাত বিৰোধীৰ অস্তিত্ব এইবাৰ নাই বুলিয়েই ক’ব লাগিব।” চৰকাৰৰ যিখিনি উন্নয়নমূলক কাম কৰিছে সেয়া জনসাধাৰণে দেখিছে বুলিও তেওঁ উল্লেখ কৰে। চৰকাৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰি তেওঁ পুনৰ কয়, “বিগত পাঁচ বছৰ অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। আনকি কোনোবাই বুৰঞ্জী লিখিলে তাত উল্লেখ কৰিব।” ৰিজাৰ্ভ বেংকৰ তথ্য মতে অসম এতিয়া ভাৰতৰ ভিতৰত অৰ্থনৈতিক দিশত আগুৱাই যোৱা এখন আগশাৰীৰ ৰাজ্য বুলিও তেওঁ দাবী কৰে। নিৰ্বাচনী ৰণকৌশলৰ প্ৰসংগত তেওঁ আত্মবিশ্বাসেৰে কয় যে মুখ্যমন্ত্ৰীৰ ‘জন আশীৰ্বাদ যাত্ৰা’ত উথলি পৰা জনসমুদ্ৰই বিজেপি মিত্ৰজোঁটৰ এক বৃহৎ জয়ৰ সংকেত দিছে। ২০২৬ চনত এন ডি এৰ ভোটৰ হাৰ আৰু আসনৰ সংখ্যা পূৰ্বতকৈ বহু বৃদ্ধি পাব বুলিও নেওগে আশা প্ৰকাশ কৰে। Share this:FacebookX Related Post navigation কংগ্ৰেছৰ ২৫ বছৰীয়া সংগ ত্যাগ জনচন জে চাংমাৰ; বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোত মোক্ষম আঘাত উগ্ৰপন্থীৰ সহায়ত ফলাফল সলনিৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছ নেতা পৱন খেড়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ