সংসদৰ মজিয়াত দলৰ নিৰ্দেশনা উলংঘা নকৰাকৈয়ে কেৱল এক বিশেষ সামৰিক অভিযানৰ সৈতে জড়িত স্থিতিক লৈহে নীতিগত মতানৈক্য থকাৰ কথা স্বীকাৰ কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। কেৰালা সাহিত্য মহোৎসৱত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে ‘অপাৰেচন সিন্দূৰ’ক বাদ দি আন কোনো বিষয়তে তেওঁৰ সৈতে কংগ্ৰেছৰ ৰাজহুৱা বিবাদ হোৱা নাই আৰু এই সন্দৰ্ভত তেওঁ আজিও ক্ষমা বিহীনভাৱে নিজৰ স্থিতিত অটল। দলীয় নেতৃত্বৰ সৈতে শেহতীয়া সংঘাত আৰু কোচিত অনুষ্ঠিত এক কাৰ্যসূচীত ৰাহুল গান্ধীয়ে তেওঁক উপযুক্ত গুৰুত্ব নিদিয়াৰ চৰ্চাৰ মাজতে এই মন্তব্য আগবঢ়ায় থাৰুৰে। এজন লেখক হিচাপে পেহেলগাম কাণ্ডৰ পাছত সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি এক শক্তিশালী প্ৰত্যুত্তৰ দিয়াৰ বাবে তেওঁ লিখা স্তম্ভৰ কথা উল্লেখ কৰি কয় যে ভাৰত চৰকাৰে তেওঁৰ পৰামৰ্শ মৰ্মেই ব্যৱস্থা লৈছিল। দেশৰ উন্নয়নৰ স্বাৰ্থত পাকিস্তানৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতত লিপ্ত হোৱাৰ পৰিবৰ্তে কেৱল নিৰ্দিষ্ট লক্ষ্যত আক্ৰমণ কৰাটোৱেই তেওঁৰ মূল উদ্দেশ্য আছিল বুলিও তেওঁ প্ৰকাশ কৰে। দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ প্ৰসংগত জৱাহৰলাল নেহৰুৰ আদৰ্শৰ কথা স্মৰণ কৰি থাৰুৰে কয় যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষেত্ৰত সদায় ভাৰতক অগ্ৰাধিকাৰ দিয়া উচিত। ৰাজনৈতিক দলসমূহৰ মাজত দেশ গঠনৰ বিভিন্ন দিশক লৈ মতভেদ থাকিব পাৰে যদিও যেতিয়া ভাৰতৰ মৰ্যাদাৰ প্ৰশ্ন আহে, তেতিয়া সকলো বিভেদ নেওচি দেশৰ পক্ষত থিয় দিয়াটোৱেই একমাত্ৰ লক্ষ্য হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। Share this:FacebookX Related Post navigation ১০৮ খুন্দাত নিহত যুৱতী কাৰাগাৰত প্ৰেম! পেৰ’লত মুক্তি লাভ কৰিয়েই বিবাহপাশত আৱদ্ধ দুই হত্যাকাৰী প্ৰিয়া-হনুমান