প্ৰেমৰ প্ৰতীক তাজমহলৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি দেশলৈ উভতি যোৱাৰ মাত্ৰ কেইটামান দিনৰ পাছতেই মাজ সাগৰত কৰুণ মৃত্যুক সাৱটি ল’লে ৮৭ গৰাকী ইৰানী নৌসেনাই। আন্তঃৰাষ্ট্ৰীয় জলসীমাত আমেৰিকান চাবমেৰিনৰ আক্ৰমণত ইৰানী যুদ্ধজাহাজ ‘আইআৰআইএছ ডেনা’ৰ সলিল সমাধি হোৱাৰ পাছতেই এতিয়া তেওঁলোকৰ ভাৰত ভ্ৰমণৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিশাখাপট্টনমত অনুষ্ঠিত নৌসেনাৰ অনুশীলনত অংশ লৈ যোৱা ১৯ ফেব্ৰুৱাৰীত এই নৌসেনাৰ দলটোৱে আগ্ৰালৈ আহি মমতাজ-শ্বাহজাহানৰ প্ৰেমৰ কাহিনী শুনি আপ্লুত হৈছিল। প্ৰায় ৩৫০ গৰাকী নৌসেনাৰ এটা দল দিল্লীৰ পৰা বিশেষ বিমানেৰে আগ্ৰাৰ বায়ুসেনা ঘাটিত অৱতৰণ কৰিছিল। তাৰ পৰাই তেওঁলোকে তাজমহল দৰ্শন কৰিবলৈ গৈছিল আৰু প্ৰায় দুই ঘণ্টা সময় ধৰি তাত ফটো তথা চেলফি তোলাৰ লগতে স্থানীয় হস্তশিল্পৰ কাম চাই মোহিত হৈছিল। তাজগঞ্জৰ গলিৰ পৰা তেওঁলোকে পৰিয়ালৰ বাবে বিভিন্ন উপহাৰো কিনিছিল। তেওঁলোকক সুৰক্ষা প্ৰদান কৰা আৰক্ষী আৰু চিআইএচএফৰ বিষয়াৰ মাজত এতিয়া সেই হাঁহিমুখীয়া মুখবোৰ কেৱল স্মৃতি হৈ ৰৈছে। উল্লেখ্য যে ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে আমেৰিকান চাবমেৰিনে ইৰানী যুদ্ধজাহাজখন ডুবাই দিয়ে। এই আক্ৰমণত ৮৭ গৰাকী নৌসেনাৰ মৃত্যু হোৱাৰ বিপৰীতে ৩২ গৰাকী ক্ৰু মেম্বাৰক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা গৈছে। ভাৰতীয় নৌসেনাইও শ্ৰীলংকাৰ সৈতে মিলি উদ্ধাৰ অভিযানত সহায়ৰ হাত আগবঢ়াইছিল। ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ সোৱাদ লৈ দেশলৈ উভতি যোৱা এই জোৱানসকলৰ বাবে এই যাত্ৰাই জীৱনৰ অন্তিম যাত্ৰা হিচাপে প্ৰমাণিত হ’ল। Share this:FacebookX Related Post navigation ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত “আশীৰ্বাদ মাহ”ৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ