অসমত উন্নয়নৰ প্ৰকৃত অৰ্থই হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী। – আজি জাগীৰোডত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই। ৰাজ্যৰ ১২৬ খন বিধানসভা আসনৰ বাবে চলি থকা ভোটগ্ৰহণৰ মাজতে মন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়াৰ সুৰক্ষা আৰু চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ প্ৰতি চৰকাৰৰ পূৰ্ণ সমৰ্থন থকাৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে নিজৰ কঠোৰ স্থিতি স্পষ্ট কৰে। তেওঁ কয় যে ৰাজ্যৰ সচেতন ৰাইজ এতিয়া কেৱল উন্নয়নৰ পক্ষত থিয় দিছে আৰু ইয়াৰ ফলত নিৰ্বাচনত কংগ্ৰেছে তীব্ৰ বিপৰ্যয়ৰ মুখত পৰিব। আনহাতে, নিৰ্বাচনৰ সময়ত কংগ্ৰেছে ভোটাৰক প্ৰলোভিত কৰিবলৈ ধন আৰু সুৰা বিতৰণ কৰা বুলিও তেওঁ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ নেতা পৱন খেড়াক লক্ষ্য কৰি হাজৰিকাৰ দাবী যে মুখ্যমন্ত্রীৰ পৰিয়ালৰ বিৰুদ্ধে কৰা সকলো অভিযোগ আছিল সম্পূৰ্ণ ভিত্তিহীন। খেড়াৰ দাবীবোৰত বানানৰ ভুল থকাৰ পৰা আৰম্ভ কৰি তথ্যৰ বিসংগতি থকালৈকে সকলো মিছা প্ৰমাণিত হোৱা বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, “পৱন খেড়াই মিছা অভিযোগ উত্থাপন কৰি এতিয়া অসমৰ পৰা পলাই ফুৰিছে।” উল্লেখ্য যে আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৫ বজালৈকে অব্যাহত থাকিব। জনসাধাৰণে অতি উৎসাহেৰে গণতন্ত্ৰৰ এই উৎসৱত অংশ লোৱা পৰিলক্ষিত হৈছে। ১২৬ খন আসনৰ ভাগ্য নিৰ্ণয় হ’বলগীয়া এই নিৰ্বাচনৰ ফলাফল অহা ৪ মে’ত ঘোষণা কৰা হ’ব। Share this:FacebookX Related Post navigation অসমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ; পুৱা ৯ বজালৈকে ১৭.৮৭ শতাংশ ভোটদান সম্পন্ন মণিপুৰত ৩ ইউকেএনএ কেডাৰ গ্ৰেপ্তাৰ; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ উদ্ধাৰ