গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ  লংকেশ্বৰৰ প্ৰয়াত লক্ষেশ্বৰ কলিতা শৈক্ষিক ন্যাসৰ উদ্যোগত অসম ভিত্তিত অনুষ্ঠিত  শিশু উপযোগী গল্প প্ৰতিযোগিতাৰ  বিজয়ী প্রতিযোগীসকলক লংকেশ্বৰস্থিত বাসগৃহত  প্ৰয়াত লক্ষেশ্বৰ কলিতাৰ জন্মবার্ষিকী উপলক্ষে ৪ জানুৱাৰীত  আয়োজিত  এক অনুষ্ঠানত  পূৰস্কাৰ আৰু মানপত্ৰ সমূহ প্ৰদান কৰা হয় ।  এই উপলক্ষে নৱজিৎ শৰ্মা শাস্ত্ৰীৰ এটা মংগলাচৰণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে আবিলাকৰ প্ৰাক্তন সঞ্চালক ডঃ দিলীপ  কলিতাই আৰু আঁত ধৰে মামণি বৰবৰুৱা বৰগোঁহায়ে।  অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ দীপামণি বৰুৱা দাসে ভাগ লৈ ভাষণ প্ৰসংগত এনে ধৰণৰ সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰা কথাটোৰ বাবে ন্যাসৰ শলাগ লয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পৰিসংখ্যা বিষয়া ডঃ দিলীপ কলিতা আৰু সমাজকৰ্মী ৰণীধৰ পাটোৱাৰীয়ে চমুকৈ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত নিৰঞ্জন তালুকদাৰে ভক্তিমূলক গীত পৰিৱেশন কৰে। ইয়াৰ উপৰিও  অনুষ্ঠানত অৰূপ পাটোৱাৰী , নিবৃত্তি পাটোৱাৰী , ফালগুণী দাস, ননীপ্ৰভা দাস, মঞ্জু দাস, ভাৰত দাস, বিক্ৰম দাস আৰু দ্বীমনদীপ দাসে সংগীত পৰিৱেশন কৰে। তেনেদৰে ধ্ৰুৱ তামুলী, নিভাৰাণী দাস, দ্বিপেন কুমাৰ কলিতা , নিজৰা কলিতা , মানৱজ্যোতি কলিতা , ফুলমতী দাস মামণি বৰবৰুৱা বৰগোহাঁই আৰু গীতা দত্তই  কবিতা আবৃত্তি কৰে।

অনুষ্ঠানত প্রথম বিজয়ী  বিদিশা দত্ত ( ‘গলি যোৱা পৃথিৱী’ নামৰ গল্প )  , দ্বিতীয় বিজয়ী ববিতা কলিতা ( ‘পুতলা ঘৰ’ নামৰ গল্প )  আৰু তৃতীয় বিজয়ী অজ্ঞনা দত্ত ( অনুশোচনা’ নামৰ গল্প ) ক একোটাকৈ স্মাৰক ,  গামোচা, জাপি, মানপত্ৰ, কিতাপৰ টোপোলা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অন্নদা কলিতা, গিৰীন দাস , মুকুল কলিতা, বুবুল কলিতা ,  ৰুবুল কলিতাকে ধৰি ন্যাসৰ কেবাজনো সদস্য – সদস্যা, কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। শেষত শলাগৰ শৰাই আগবঢ়াই ন্যাসৰ সদস্যা জোনালী কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *