উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল আৰু অনিয়ম সম্পৰ্কীয় আৱেদনৰ শুনানি গ্ৰহণ কৰে। ইফালে, আদালতে নীট পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ক চিবিআই তদন্ত বিচাৰি কৰা আবেদনৰ ওপৰত জাননী জাৰি কৰে আৰু ইয়াৰ উত্তৰ বিচাৰে। শীৰ্ষ আদালতে কয় যে উত্তৰ দাখিল কৰাৰ পিছত, বিষয়টোৰ শুনানি এতিয়া ৮ জুলাইত হ’ব। শুনানিৰ সময়ত, আবেদনকাৰীৰ অধিবক্তাই কয় যে এই বিষয়টো ২৪ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত। এনে পৰিস্থিতিত, আদালতে সোনকালেই শুনানী গ্ৰহণ লাগে। এই সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে কয় যে আমি ইয়াৰ গম্ভীৰতা বুজি পাওঁ। অধিবক্তাজনে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মহত্যাৰ কথাও উল্লেখ কৰে। এই কথা শুনি ন্যায়ালয়ে কয় যে এনে আৱেগিক যুক্তি নিদিব, আইনৰ প্ৰক্ৰিয়া অনুসৰণ কৰি এনটিএৰ সঁহাৰি চোৱাটো প্ৰয়োজনীয়। Share this:FacebookX Related Post navigation বিদেশৰ দৰে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহতো বছৰত দুবাৰকৈ হ’ব নামভৰ্তি নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান