ৰাজ্যৰ মন্দিৰ আৰু নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৪৩৩ কোটি টকাৰ বিশাল বিনিয়োগৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। শনিবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই বৃহৎ পুঁজিৰে সমগ্ৰ অসমৰ ২২,৯২৩ টা নামঘৰ আৰু বিভিন্ন মন্দিৰৰ আন্তঃগাঁথনি নতুনকৈ সজাই তোলা হ’ব।

ৰাজ্যৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ সৈতে এই ধৰ্মীয় অনুষ্ঠানসমূহ গভীৰভাৱে জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিততে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই পবিত্ৰ স্থানসমূহৰ নৱীকৰণৰ জৰিয়তে পূৰ্বপুৰুষৰ পৰা লাভ কৰা মূল্যবোধক সন্মান জনোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে বিশ্বাস আৰু সংস্কৃতি সুৰক্ষিত কৰাই চৰকাৰৰ মূল লক্ষ্য বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

গ্ৰাম্য অঞ্চলত নামঘৰসমূহে একো একোটা সামাজিক কেন্দ্ৰ হিচাপে কাম কৰি অসমীয়া পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছে। চৰকাৰৰ এই নতুন আঁচনিয়ে ধৰ্মীয় অনুষ্ঠানসমূহৰ সা-সুবিধা বৃদ্ধি কৰি ভক্তসকলৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তুলিব।

প্ৰাকৃতিক বৈচিত্ৰ্য আৰু চাহ বাগিচাৰ বাবে বিশ্বখ্যাত অসমত অলেখ ঐতিহাসিক মন্দিৰ আৰু ধৰ্মীয় স্থান সিঁচৰিত হৈ আছে। এই স্থানসমূহৰ সৈতে জড়িত পৌৰাণিক কাহিনী আৰু শিলালিপিসমূহে ৰাজ্যখনৰ চহকী ইতিহাসৰ পৰিচয় দাঙি ধৰে। চৰকাৰৰ এই নতুন বিনিয়োগে অসমৰ ধৰ্মীয় পৰ্যটনৰ লগতে ঐতিহ্য সংৰক্ষণৰ দিশত এক নতুন মাত্ৰা যোগ কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *