অসমৰ সাংস্কৃতিক জগতৰ ধ্ৰুৱতৰা জুবিন গাৰ্গৰ মৃত্যুৰ বিষাদৰ মাজতে নতুন বছৰৰ প্ৰথমটো দিনত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। শিল্পীগৰাকীৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পৰা সংগ্ৰহিত ২.৯০ কোটি টকাৰ ৰাজ্যিক জি এছ টি চৰকাৰে কলাগুৰু ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰিব। বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা ‘নতুন দিনৰ আলাপ’ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰে। ৩২ কোটি টকা সংগ্ৰহ কৰি ছবিখনে ইতিমধ্যে অসমীয়া চিনেমা উদ্যোগত সৰ্বকালৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইফালে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰটো ক্ষিপ্ৰতৰ কৰিবলৈ চৰকাৰে ১২ জানুৱাৰীৰ ভিতৰত এজন বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিব। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, ৬ জানুৱাৰীৰ ভিতৰত অধিবক্তাগৰাকীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। তদুপৰি, চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক এই গোচৰটোৰ বিচাৰ এখন ফাষ্ট ট্ৰেক আদালতত কৰিবলৈ অনুৰোধ জনাব। ২০২৫ বৰ্ষটো সকলো অসমীয়াৰ বাবে অত্যন্ত বেদনাদায়ক আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিল্পীগৰাকীৰ মৃত্যুৰ উচিত ন্যায় নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে, যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত গা ধুই থকা অৱস্থাত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। এই সন্দৰ্ভত গঠিত এছ আই টিয়ে ইতিমধ্যে শ্যামকানু মহন্তসহ সাতজন অভিযুক্তৰ বিৰুদ্ধে ১২ ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰিছে। চাৰিজন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে এজন নিলম্বিত আৰক্ষী বিষয়া আৰু দুই দেহৰক্ষীৰ বিৰুদ্ধেও গুৰুতৰ ধাৰা জাপি দিয়া হৈছে। বৰ্তমান কামৰূপ (মহানগৰ) আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। Share this:FacebookX Related Post navigation ৰেন’ল্ট ইণ্ডিয়াই ২০২৫ চনৰ কেলেণ্ডাৰ বৰ্ষৰ দ্বিতীয়াৰ্ধত লাভ কৰিছে শক্তিশালী গতি; ডিচেম্বৰৰ বছৰি বিক্ৰী বৃদ্ধি ৩৩.৪% ৫ বছৰত জব্দ ২,৯১৯ কোটি টকাৰ ড্ৰাগছ! বিজেপি চৰকাৰৰ দিনত তীব্ৰতৰ হৈছে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান