ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ প্ৰতীক্ষাৰ অন্ত পেলাই কাইলৈ অৰ্থাৎ ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি এই কথা নিশ্চিত কৰি কয় যে কাইলৈ পুৱা ১০ বজাৰ পাছত পৰীক্ষাৰ্থীসকলে নিজ নিজ নম্বৰ তালিকা লাভ কৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বোকাজানত এক নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফলাফল ঘোষণাৰ এই দিনটোৰ সন্দৰ্ভত ইংগিত দিছিল।

চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ সমগ্ৰ অসমৰ পৰা মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হয়।

ফলাফলৰ দিনটো নিৰ্ধাৰণ হোৱাৰ লগে লগে এতিয়া পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কাইলৈ ফলাফলৰ সবিশেষ অনলাইন যোগেও শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *