অসমৰ সামগ্ৰিক বিকাশ আৰু সুৰক্ষাৰ লক্ষ্যৰে নৱগঠিত চৰকাৰে আজিৰে পৰাই আৰম্ভ কৰিব প্ৰশাসনিক কাম-কাজ। ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰৰ কাৰ্যসূচী ঘোষণা কৰে। অসমীয়া পৰিচয়ৰ ৰক্ষণাবেক্ষণৰ লগতে ৰাজ্যৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ ওপৰত চৰকাৰে বিশেষভাৱে মনোনিৱেশ কৰিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

চৰকাৰৰ কৰ্মপন্থাৰ সন্দৰ্ভত ড° শৰ্মাই কয়, “আজিৰে পৰাই চৰকাৰে কাম আৰম্ভ কৰিব। আমাৰ কামৰ মাজেৰে অসম, অসমীয়া মানুহ আৰু দেশৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা প্ৰতিফলিত হ’ব”। ভাষণতকৈ কামত অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, “বৰ্তমান ভাষণৰ সময় উকলি গৈছে, এতিয়া কেৱল কাম কৰাৰ সময়”।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি আজি বিয়লি ২ বজাত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও অহা ২১ মে’ৰ পৰা বিধানসভাৰ অধিবেশন আৰম্ভ হ’ব য’ত নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ সাময়িক অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *