বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নামকৰণক লৈ মঙলবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক এতিয়াৰে পৰা ‘বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়’ নামেৰে জনা যাব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ কথা সদৰী কৰি জনায় যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নামত আন এক সুকীয়া প্ৰতিষ্ঠান উৎসৰ্গা কৰি তেওঁক এক বিশেষ মৰ্যাদা প্ৰদান কৰা হ’ব। ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি তথা অসমৰ পৰা এই উচ্চ পদ অলংকৃত কৰা প্ৰথমগৰাকী ব্যক্তি ফখৰুদ্দিন আলী আহমেদৰ উত্তৰাধিকাৰক উচিত সন্মানেৰে সংৰক্ষণ কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কেবিনেটৰ আন এক উল্লেখনীয় সিদ্ধান্ত অনুসৰি, মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ‘আলি-আয়ে-লৃগাং’ক এতিয়াৰে পৰা ৰাজ্যিক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে। খিলঞ্জীয়া জনগোষ্ঠীটোৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি সন্মান জনাই চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক বিভিন্ন মহলে আদৰণি জনাইছে। আন্তঃগাঁথনি বিকাশৰ দিশতো কেবিনেটে আজি এক বৃহৎ প্ৰকল্পত অনুমোদন জনায়। দক্ষিণ-পূব গুৱাহাটী জল যোগান প্ৰকল্পৰ বাবে চৰকাৰে ১৩৬৭ কোটি টকা মুকলি কৰি দিছে। মহানগৰীৰ ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈ থকা অঞ্চলসমূহৰ খোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ এই পদক্ষেপে বিশেষ সহায় কৰিব। ইয়াৰ উপৰি, লোক সেৱা ভৱনত আয়োজিত এক চমু অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিশিষ্ট লোকশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক ৰাজহ বিভাগৰ তৃতীয় শ্ৰেণীৰ পদত চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত কেবিনেটে লোৱা এই সিদ্ধান্তসমূহে ৰাজ্যৰ সাংস্কৃতিক আৰু প্ৰশাসনিক দিশত এক নতুন মাত্ৰা যোগ কৰিব বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ চিকিৎসা মহাবিদ্যালয়ৰ নামকৰণ আৰু জনজাতীয় উৎসৱক চৰকাৰী স্বীকৃতি প্ৰদানৰ এই পদক্ষেপে ৰাজনৈতিক মহলতো চৰ্চা লাভ কৰিছে। চহৰীয়া পানী যোগান ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বৃহৎ বিত্তীয় অনুমোদনে মহানগৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশা বৃদ্ধি কৰিছে। Share this:FacebookX Related Post navigation ৰন্ধন গেছ সংকট: সুৰক্ষাৰ স্বাৰ্থত চৰকাৰৰ কঠোৰ আইন কার্যকৰী পাকিস্তানলৈ গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ নৌসেনাৰ জোৱান