অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ গোচৰটোৱে এতিয়া এক নতুন আৰু গুৰুত্বপূৰ্ণ মোৰ লৈছে। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সেই দুৰ্ভাগ্যজনক নিশা প্ৰকৃততে কি ঘটিছিল, সেই সন্দৰ্ভত আজিও অসমবাসীৰ মনত থকা তীব্ৰ কৌতুহল আৰু ন্যায়ৰ দাবীক সন্মান জনাই চৰকাৰে এতিয়া আইনী প্ৰক্ৰিয়া অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সংক্ৰান্তত এগৰাকী বিশেষ লোক অধিবক্তা নিযুক্তিৰ সিদ্ধান্ত লোৱাৰ লগতে চৰকাৰে ইতিমধ্যে ইয়াৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিত অভিযুক্তক উচিত শাস্তি প্ৰদান কৰাৰ লক্ষ্যৰে চৰকাৰে ৫ জন অভিজ্ঞ আৰু জ্যেষ্ঠ ক্ৰিমিনেল অধিবক্তাক এই গোচৰটোত নিয়োগ কৰে। ইতিমধ্যে ৭-৮ জনীয়া এখন জ্যেষ্ঠ অধিবক্তাৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু অহা ৯ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত এই তালিকাৰ পৰাই চূড়ান্ত ৫ গৰাকী অধিবক্তাক নিৰ্বাচন কৰা হ’ব। এই তালিকাত জিয়াউল কামাৰ আৰু পল্লৱ কটকীৰ দৰে প্ৰখ্যাত অধিবক্তাৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ বাবে অতিৰিক্ত অধিবক্তা নিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰীক বিশেষভাৱে আবেদন জনাইছিল। সামাজিক মাধ্যমত সেই আবেদন মুকলি কৰি তেওঁ ন্যায়ৰ বাবে যুঁজ দিয়াৰ সংকল্প প্ৰকাশ কৰিছিল। জনসাধাৰণৰ প্ৰবল জনমত আৰু আৱেগক গুৰুত্ব দি চৰকাৰে ফাষ্ট-ট্ৰেক আদালতৰ জৰিয়তে এই গোচৰৰ বিচাৰ চলাই নিবলৈ তৎপৰতা প্ৰদৰ্শন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *