পুনৰ শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনাৰ। তথ্য় অনুসৰি, ভাৰতীয় নৌসেনাই লাভ কৰিব কেইবাখনো চাবমেৰিন। যাৰ ফলত পানীৰ তলৰ ক্ষমতা বৃদ্ধি পাব ভাৰতৰ। এই চুক্তিৰ মূল্য প্ৰায় ১ লাখ কোটি টকাৰো অধিক হ’ব। চীনৰ সামুদ্ৰিক শক্তি বৃদ্ধি হোৱাৰ মাজতে ভাৰতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ক’ব পাৰি যে, অহা বছৰৰ মাজভাগত হ’বলগীয়া এই চুক্তিয়ে ভাৰত মহাসাগৰত চীন আৰু পাকিস্তানক কিছু পৰিমাণে প্ৰত্যাহ্বান জনাব পাৰে।ভাৰতে দুখনকৈ চুক্তি চূড়ান্ত কৰিব। যাৰ অধীনত দেশে কেইবাখনো চাবমেৰিন লাভ কৰিব। ইয়াৰ ফলত পানীৰ তলৰ ক্ষমতা ভাৰতৰ দুগুণ হ’ব। প্ৰথমখন চুক্তি প্ৰায় ৩৬ কোটি টকাৰ। ইয়াৰ অধীনত তিনিখন স্কোৰ্পিয়ান চাবমেৰিন প্ৰস্তুত কৰা হ’ব। মুম্বাইৰ মাজাগন ডক লিমিটেড (MDL) আৰু ফ্ৰান্সৰ নেবল গ্ৰুপে যৌথভাৱে এই চাবমেৰিনসমূহ প্ৰস্তুত কৰিব।গতিকে অহা বছৰৰ মাজভাগত এই চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।দ্বিতীয়টো প্ৰকল্পৰ অধীনত ৬ খন ডিজেল ইলেক্ট্ৰিক ষ্টেলথ চাবমেৰিন নিৰ্মাণ হ’ব।প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, ২০২৬ চনৰ মাজভাগৰ ভিতৰত দুয়োখন চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। এই চুক্তিয়ে ভাৰতৰ নৌসেনাৰ শক্তিক দুগুণ কৰিব বুলি আশা কৰৈ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *