পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ বাবে সোমবাৰে মাজ আকাশৰ পৰাই দিল্লীলৈ উভতিবলৈ বাধ্য হ’ল ইণ্ডিগোৰ এখন আন্তঃৰাষ্ট্ৰীয় বিমান। নতুন দিল্লীৰ পৰা ব্ৰিটেইনৰ মানচেষ্টাৰ অভিমুখী বিমানখনে আকাশত প্ৰায় ৭ ঘণ্টা উৰাৰ পাছত আকাশমাৰ্গৰ হঠাত সলনি হোৱা বাধা-নিষেধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। যোৱা ১০ দিন ধৰি আমেৰিকা আৰু ইজৰাইলৰ সৈতে ইৰানৰ চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিততে এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

ফ্লাইট ট্ৰেকিং পৰ্টেল ‘ফ্লাইটৰাডাৰ-২৪’ৰ তথ্য অনুসৰি, নৰৱেজিয়ান কেৰিয়াৰ নৰ্ছৰ সহযোগত পৰিচালিত ইণ্ডিগোৰ এই বিমানখন ইথিঅ’পিয়া আৰু এৰিট্ৰিয়াৰ সীমান্তৰ ওচৰ পাইছিলগৈ। সেই সময়তে পশ্চিম এছিয়াৰ আকাশমাৰ্গত জৰুৰীকালীন নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত বিমানখন পুনৰ দিল্লীলৈ ঘুৰাই অনা হয়।

ইণ্ডিগোৰ এজন মুখপাত্ৰই এই সন্দৰ্ভত কয়, “মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে আমাৰ কিছুমান বিমানৰ যাত্ৰা অধিক দীঘলীয়া হ’ব পাৰে অথবা পথ সলনি কৰিবলগীয়া হ’ব পাৰে। দিল্লীৰ পৰা মানচেষ্টাৰ অভিমুখী ৬ই ০৩৩ বিমানখন আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে পুনৰ দিল্লীলৈ উভতি আহিছে। আমি যাত্ৰীসকলৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছোঁ।” যাত্ৰী আৰু ক্ৰু সদস্যসকলৰ সুৰক্ষাক প্ৰাথমিকতা দি এই পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়াত আৰম্ভ হোৱা এই সংঘাত এতিয়া কেৱল ইৰান আৰু ইজৰাইলৰ মাজতে সীমাবদ্ধ থকা নাই। আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি ইৰানে চলোৱা আক্ৰমণৰ বাবে ওমান, ইউএচি, কাটাৰ আৰু বাহৰেইনৰ দৰে দেশসমূহৰ আকাশমাৰ্গতো ইয়াৰ প্ৰভাৱ পৰিছে। এই উত্তেজনাৰ বাবে অঞ্চলটোৰ বেছিভাগ আকাশমাৰ্গ যাত্ৰীবাহী বিমানৰ বাবে বন্ধ কৰি দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *