স্বাৰ্থপৰতা আৰু আধিপত্য বিস্তাৰৰ ইচ্ছাই বৰ্তমান বিশ্বত অশান্তিৰ মূল কাৰণ। মধ্যপ্ৰাচ্যৰ যুদ্ধ উন্মাদনাক লৈ শুকুৰবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। নাগপুৰত বিশ্ব হিন্দু পৰিষদৰ বিদৰ্ভ প্ৰান্তীয় কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি তেওঁ কয় যে একতা, অনুশাসন আৰু ধৰ্ম পালনৰ জৰিয়তেহে বিশ্বত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা সম্ভৱ।

ইৰান আৰু ইজৰাইলৰ মাজত অব্যাহত থকা যুদ্ধৰ প্ৰসংগ টানি আনি সংঘৰ মুৰব্বীগৰাকীয়ে মত প্ৰকাশ কৰে যে বিগত ২,০০০ বছৰ ধৰি বিশ্বই সংঘাত নিৰসনৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিছে। কিন্তু ধৰ্মীয় অসহিষ্ণুতা আৰু শ্রেষ্ঠত্বৰ অভিমানে আজিও মানৱ জাতিক বিপথে পৰিচালিত কৰিছে। তেওঁ লগতে কয় যে আধুনিক বিজ্ঞানেও লাহে লাহে ভাৰতীয় প্ৰাচীন জ্ঞানৰ দৰেই সকলো বস্তু যে পৰস্পৰৰ সৈতে জড়িত, সেই সত্যক স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে।

ভাৰতৰ সনাতন আদৰ্শৰ কথা উল্লেখ কৰি ভাগৱতে দোহাৰে যে সমগ্ৰ বিশ্বই বৰ্তমান এক সন্তুলন বিচাৰিছে আৰু এই সন্তুলন কেৱল ভাৰতীয় সংস্কৃতিৰ ধৰ্মীয় ভেটিৰ ওপৰতহে সম্ভৱ। তেওঁৰ মতে ভাৰতে সদায় মানৱতাত বিশ্বাস কৰে, আনহাতে বিশ্বৰ আন বহু দেশেই আজিও বন্য আইন বা শক্তিশালীৰ জয়গান গাই যুদ্ধত লিপ্ত হৈছে।

বিশ্বজুৰি চলি থকা এই সংঘাতসমূহৰ অন্ত পেলাব পৰা ক্ষমতা কেৱল ভাৰতৰে আছে বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মহলত চৰ্চা হোৱা বুলিও তেওঁ দাবী কৰে। ধৰ্ম কেৱল ধৰ্মগ্ৰন্থত আৱদ্ধ নাৰাখি ইয়াক এজন ব্যক্তিৰ আচৰণত প্ৰতিফলিত কৰিবলৈও তেওঁ নাগপুৰৰ এই অনুষ্ঠানত আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *