নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৪০ লাখ মহিলা হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ বৃহৎ ধনৰাশি প্ৰদানেৰে এক অভিলেখ ৰচনা কৰিলে ৰাজ্য চৰকাৰে। মঙলবাৰে একে সময়তে ৰাজ্যজুৰি অনুষ্ঠিত ৩৮০০ খন সভাৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত ৯ হাজাৰকৈ টকা জমা দিয়া হয়। আগন্তুক নিৰ্বাচনৰ পূৰ্বে মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰখনে গ্ৰহণ কৰা এই পদক্ষেপক এক বিশেষ ৰাজনৈতিক মাষ্টাৰষ্ট্ৰোক হিচাপে গণ্য কৰা হৈছে।

গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশাল পুঁজি বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হ’লে চৰকাৰী আঁচনিৰ ধন বিতৰণত বাধা আহিব পাৰে বাবেই চৰকাৰে আগতীয়াকৈ চাৰিমাহৰ অৰুণোদয় ধনৰ লগতে বিহুৰ উপহাৰ হিচাপে অতিৰিক্ত ৩ হাজাৰ টকা সংযোগ কৰি সৰ্বমুঠ ৯ হাজাৰ টকাকৈ বিতৰণ কৰে।

অৰুণোদয় আঁচনিৰ পৰিসৰ বৃদ্ধিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে বৰ্তমান ৰাজ্যত এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি পাইছে। ক’ভিডকালত মাত্ৰ ১৮ লাখ মহিলাৰ মাজত মাহে ৮৩০ টকাকৈ আৰম্ভ কৰা এই আঁচনিৰ পুঁজি এতিয়া মাহে ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। এই বিশাল নিৰ্বাচনী চমকৰ বাবে ৰাজ্য চৰকাৰে ৰাজকোষৰ পৰা ৩৬০০ কোটি টকা ব্যয় কৰিছে।

ইফালে হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ চৰকাৰে লোৱা এই পদক্ষেপক লৈ বিভিন্ন মহলে প্ৰশ্নও উত্থাপন কৰিছে। বিশেষকৈ চৰকাৰে ধাৰাবাহিকভাৱে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ থকাৰ সময়তে এনেদৰে নগদ ধন বিতৰণ কৰাক লৈ সমালোচনাৰ সৃষ্টি হৈছে। তামিলনাডু চৰকাৰৰ অনুৰূপ বিনামূলীয়া আঁচনিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছিল যদিও অসম চৰকাৰে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ মহিলা ভোটাৰৰ ওপৰতে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *