অসম বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ মাজতে মঙলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গেৰুৱা দলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে ৰাজ্যখনত চলি থকা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নিমাত ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। সমগ্ৰ দেশৰ ভিতৰতে অসমৰ মুখ্যমন্ত্রীগৰাকী আটাইতকৈ ভ্ৰষ্টাচাৰী বুলি অভিহিত কৰি খাৰ্গেই নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দুৰ্গ কঁপাই তুলিবলৈ চেষ্টা কৰে।

সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন কৰি বিজেপি নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে। কংগ্ৰেছ নেতাগৰাকীক বিভিন্ন সময়ত ঠাট্টা-মস্কৰা কৰা কাৰ্যক গৰিহণা দি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক লক্ষ্য কৰি প্ৰশ্ন কৰে যে ৰাজ্যখনত চলি থকা ভ্ৰষ্টাচাৰক লৈ তেওঁলোকৰ কিয় কোনো মাত নাই? ভ্ৰষ্টাচাৰৰ ক্ষেত্ৰত আৰ এছ এছে দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে খাৰ্গেই।

ইফালে, প্ৰয়াত শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ইচ্ছাকৃতভাৱে বিলম্ব কৰা বুলি খাৰ্গেই বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিবলৈ চৰকাৰে দীৰ্ঘদিন অপেক্ষা কৰাৰ আঁৰত কোনোবা প্ৰভাৱশালী ব্যক্তিক সুৰক্ষা দিয়াৰ অভিপ্ৰায় লুকাই আছিল। এই সংক্ৰান্তত প্ৰতিশ্ৰুতি দি খাৰ্গেই কয় যে যদিহে অসমত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহে, তেন্তে ১০০ দিনৰ ভিতৰত এই গোচৰৰ আইনী প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি দোষীক কঠোৰ শাস্তি বিহা হ’ব।

সংবাদমেলৰ জৰিয়তে সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে অসমৰ ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে আৰু এইবাৰৰ নিৰ্বাচনত ভ্ৰষ্টাচাৰী চৰকাৰখনৰ বিদায় নিশ্চিত। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত খাৰ্গেৰ এনে আক্ৰমণাত্মক স্থিতি আৰু জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিয়াৰ প্ৰতিশ্ৰুতিয়ে এতিয়া ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। চৰকাৰী আঁচনিসমূহৰ সুবিধা যাতে কোনো ভোটাৰে হেৰুৱাব নালাগে তাৰ বাবেও ৰাইজক অভয় দিয়ে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *