ৰাজ্যত গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্ততে ঘোষণা হোৱাৰ সম্ভাৱনাই এতিয়া সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক মহলত বৃদ্ধি কৰিছে তীব্ৰ তৎপৰতা। অসমৰ ৰাইজ আৰু চৰকাৰৰ ইচ্ছা অনুসৰি অহা ব’হাগ বিহুৰ পূৰ্বেই এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে নিৰ্বাচন আয়োগে প্ৰস্তুতি চলাই থকাৰ কথা আজি স্পষ্ট কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিগত নিৰ্বাচনসমূহৰ সময়সূচীৰ উদাহৰণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ঘণ্টা বাজি উঠাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে।

মুখ্যমন্ত্রী ড০ শৰ্মাই জানিবলৈ দিয়া মতে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা ২৭ ফেব্ৰুৱাৰীত জাৰি কৰা হৈছিল। ২০১৬ চনৰ নিৰ্বাচনৰ অধিসূচনাও ১ মাৰ্চত প্ৰকাশ পাইছিল। এই পৰম্পৰা আৰু অভিজ্ঞতাৰ ভিত্তিত চৰকাৰে বিচাৰে যে ৰঙালী বিহুৰ আনন্দৰ মাজত যাতে নিৰ্বাচনী প্ৰক্ৰিয়াই বাধাৰ সৃষ্টি নকৰে, তাৰ বাবে বিহুৰ আগেয়েই ভোটগ্ৰহণ সম্পন্ন হ’ব লাগে।

এই সন্দৰ্ভত অধিক স্পষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ দিন ঘোষণাৰ ক্ষেত্ৰত হয়তো ২-৩ দিনৰ ইফাল-সিফাল হ’ব পাৰে, কিন্তু ৰাজ্যখন বৰ্তমান নিৰ্বাচনী পৰিৱেশৰ মাজত সোমাই পৰিছে। আয়োগে যিকোনো সময়তে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ প্ৰশাসনিক আৰু ৰাজনৈতিক প্ৰস্তুতিৰো ইংগিত দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *