২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা সক্ৰিয় কৰ্মী শ্বাৰ্জিল ইমামক সোমবাৰে ১০ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে দিল্লীৰ এখন আদালতে। ভাতৃৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে অসুস্থ মাতৃৰ যত্ন ল’বলৈ ইমামে আদালতৰ ওচৰত ছয় সপ্তাহৰ বাবে জামিন আবেদন কৰিছিল। অতিৰিক্ত সত্ৰ ন্যায়াধীশ সমীৰ বাজপেয়ীয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি অহা ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ তেওঁৰ জামিন মঞ্জুৰ কৰে।

বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন চমুকৈ ইউএপিএৰ ১৫এ ধাৰাৰ অধীনত অভিযুক্ত শ্বাৰ্জিল ইমামক ২০২০ চনত দিল্লী সংঘৰ্ষত উচতনি যোগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে ইমাম আৰু তেওঁৰ সহযোগী উমৰ খালিদৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছতে ইমামৰ অধিবক্তাই আদালতত যুক্তি দিছিল যে দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বেই তেওঁ কা বিৰোধী আন্দোলনৰ পৰা আঁতৰি আহিছিল।

প্ৰতিৰক্ষামূলক পক্ষই আদালতত এইবুলিও দাবী কৰে যে ২০২০ চনৰ ফেব্ৰুৱাৰীত সংঘটিত হোৱা সংঘৰ্ষৰ বহু সপ্তাহ পূৰ্বেই অর্থাৎ জানুৱাৰী মাহতে ইমামে ধৰ্ণা স্থল ত্যাগ কৰিছিল। আনকি উমৰ খালিদৰ সৈতে তেওঁৰ কোনো ধৰণৰ ফোন কল বা বৈঠকৰ তথ্য নাই বুলিও অধিবক্তাই যুক্তি দৰ্শায়। ইয়াৰোপৰি, যিটো হোৱাটছএপ গ্ৰুপৰ জৰিয়তে পথ অৱৰোধৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন হৈছে, তাৰ সৈতেও ইমামৰ কোনো সম্পৰ্ক নাছিল বুলি আদালতক জনোৱা হৈছে।

২০২০ চনৰ দিল্লী সংঘৰ্ষৰ আঁৰৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত অভিযুক্ত মুঠ ১৭ গৰাকী ব্যক্তিৰ ভিতৰত শ্বাৰ্জিল ইমাম অন্যতম। এই সংঘৰ্ষত ৫৩ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে শ শ লোক আহত হৈছিল। বৰ্তমান এই গোচৰটো অভিযোগ গঠনৰ যুক্তি-তৰ্কৰ পৰ্যায়ত আছে আৰু ইমামৰ পূৰ্বে এই গোচৰৰ সৈতে জড়িত আন ১১ গৰাকী অভিযুক্তই ইতিমধ্য জামিন লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *