অসমৰ নিৰ্বাচনী যুঁজত কংগ্ৰেছক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰি কংগ্ৰেছে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসমক উন্নয়নৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, কংগ্ৰেছ শাসনত থকাৰ সময়ত কেৱল দুটা পৰিয়ালৰ ভৱিষ্যত গঢ়াতহে ব্যস্ত আছিল- এটা দিল্লীৰ ‘ৰাজকীয় পৰিয়াল’ আৰু আনটো অসমৰ এটা বিশেষ পৰিয়াল। তেওঁলোকৰ একমাত্ৰ শ্লোগান হৈছে ‘পৰিয়াল প্ৰথম’ বুলিও কটাক্ষ কৰে মোদীয়ে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে কেৱল মিছা কথা কোৱা আৰু দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ তোলে। তেওঁ গান্ধী পৰিয়ালক দেশৰ আটাইতকৈ ভ্ৰষ্ট পৰিয়াল আখ্যা দি কয় যে হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ গোচৰ চলি থকা এই পৰিয়ালটোৰ সদস্যসকল বৰ্তমান জামিনত মুক্ত হৈ আছে। ইয়াৰ বিপৰীতে বিজেপি-এনডিএৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ অহৰহ কাম কৰি থকা বুলি তেওঁ দাবী কৰে। হোজাইক সুকীয়া জিলা হিচাপে ঘোষণা কৰাটো এনডিএ চৰকাৰৰ উন্নয়নমূলক চিন্তাৰেই ফচল বুলিও সোঁৱৰাই দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিদ্যুৎখণ্ডত অসমক দেশৰ ভিতৰতে এখন আৰ্হি ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে পূৰ্বতে কংগ্ৰেছৰ দিনত অসম বিদ্যুৎ যোগানৰ বাবে অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল। যাৰ বাবে ৰাজ্যখনত কৃষিকাৰ্য বা উদ্যোগ স্থাপনত চৰম বাধাৰ সৃষ্টি হৈছিল। বৰ্তমানৰ চৰকাৰে লাখ লাখ পৰিয়ালক বিদ্যুৎ সংযোগ দিয়াৰ লগতে ‘পিএম সূৰ্য ঘৰ মুফ্ট যোজনা’ৰ জৰিয়তে সৌৰ পেনেল স্থাপনৰ বাবে ৭০ৰ পৰা ৮০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে। ইয়াৰ ফলত অসমৰ বহু পৰিয়ালৰ বিদ্যুৎ বিল এতিয়া শূন্যলৈ নামি অহা বুলিও তেওঁ উল্লেখ কৰে। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ সম্পূৰ্ণ আশাবাদী প্ৰধানমন্ত্ৰী মোদী। হোজাই, পূব আৰু পশ্চিম কাৰ্বি আংলংৰ পৰা অহা ৰাইজৰ উছাহ দেখি অসমত এনডিএ চৰকাৰে এক বৃহৎ বিজয় সাব্যস্ত কৰিব বুলিও তেওঁ দৃঢ়তাৰে কয়। হোজাই সমষ্টিত বিজেপিৰ শিলাদিত্য দেৱ আৰু কংগ্ৰেছৰ ঝিল্লী চৌধুৰীৰ মাজত হোৱা এই নিৰ্বাচনী যুঁজে এতিয়া সমগ্ৰ ৰাজ্যতে বিশেষ চৰ্চা লাভ কৰিছে। মে’ মাহৰ ৪ তাৰিখে ঘোষণা হ’বলগীয়া নিৰ্বাচনী ফলাফলে অসমৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰিব। Share this:FacebookX Related Post navigation অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ; ১,২৭০ কোটি টকাৰ ঠিকা আবণ্টনত দুৰ্নীতিৰ অভিযোগ