গুৱাহাটী মহানগৰীক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। গুৱাহাটী মহানগৰীৰ পথ নিৰ্মাণ , ৰাজহুৱা প্ৰশ্ৰাৱগাৰ , প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে বিজুলী বাতি লগোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। এই কথা সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি সদৰী কৰে। তেওঁ সংবাদমেলত কয়,” গুৱাহাটী পৌৰ নিগমে উন্নয়ন মূলক কাম কৰি আহিছে। ২০২৫-২৬ বৰ্ষৰ বাবে পাৰিষদ সকলক উন্নয়ন মূলক পুজি মোকলাই দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মহানগৰীৰ ৬০ টা ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডতে পথ নিৰ্মাণৰ বাবে ৪০ লাখ টকাকৈ আদায় দিয়া হ’ব। তদুপৰি ২০২৫-২৬ বৰ্ষত আটাইকেইটা ৱাৰ্ড সামৰি মুঠ ২৪০ টা প্ৰস্ৰাৱগাৰ বনোৱাৰ পৰিকল্পনা কৰা হৈছে। প্ৰতিটো ৱাৰ্ডৰ মন্দিৰ , নামঘৰ , ক্লাৱ আদি ৰাজহুৱা স্থানত সৰু সৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হ’ব। আনহাতে ৱাৰ্ডবোৰত সৰু সৰু সভাগৃহ বনোৱাৰ নামত ২০ লাখ টকা মুকলি কৰি দিয়া হ’ব প্ৰতিটো ৱাৰ্ডত। ইপিনে প্ৰতিটো ৱাৰ্ডত বিজুলী বাতি লগোৱাৰ বাবে ১০ লাখ টকাকৈ মুকলি কৰি দিয়া হৈছে। তেওঁ লগতে কয় গুৱাহাটী পৌৰ নিগমে বুধবাৰে সংগ্ৰহ কৰিব শুকান জাৱৰ। Share this:FacebookX Related Post navigation বিকাশ অসমৰ আত্মসমৰ্পণ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদী পদযাত্ৰা