ছিংগাপুৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। আজি উলুবাৰীত থকা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্য্যালয়ত আয়োজিত এখন সংবাদমেলত বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই এই কথা সদৰি কৰে।‌ সংবাদ মাধ্যমক সম্বোধন কৰি বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী  গুপ্তাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল।

এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। সেই অনুসৰি অহা ১২ ডিচেম্বৰত তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত দাখিল কৰা হ’ব বুলিও তদন্তকাৰী গোটৰ মুৰব্বী  গুপ্তাই জানিবলৈ দিয়ে। তেওঁ পুনৰ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত বৰ্তমানলৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে গোচৰ সংক্ৰান্তত ৩০০ ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি গুপ্তাই সংবাদ মেলত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাতুৰিবলৈ গৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাৱটি লৈছিল। ইয়াৰ পিছতে বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ ৭ জনক গ্ৰেপ্তাৰ কৰিছিল।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *