শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে মঙলবাৰে উত্থাপন হয় তথ্য গোপনৰ এক গুৰুতৰ অভিযোগ। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰৰ শপতনামাত থকা বিসংগতিৰ বিৰুদ্ধে জিলা আয়ুক্তৰ কাৰ্যালয়ত এক আনুষ্ঠানিক অভিযোগ দাখিল কৰে।

২০০৯ চনত বোকাখাত আৰক্ষী থানাত পঞ্জীয়ন হোৱা এটা ফৌজদাৰী গোচৰৰ শেহতীয়া স্থিতি শপতনামাত উল্লেখ নকৰাৰ বাবে দুৱৰীৰ মনোনয়ন বাতিলৰ দাবী উত্থাপন হৈছে।

ৰাইজৰ দলৰ অভিযোগ অনুসৰি ২০১০ চনত কাজিৰঙাৰ সুৰক্ষিত বনাঞ্চলত মাছ ধৰা কাৰ্যৰ সৈতে জড়িত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ৰুজু হোৱা এই গোচৰত গোলাঘাটৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

অৱশ্যে দুৱৰীয়ে দাখিল কৰা শপতনামাত এই দণ্ডাদেশৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ ৰেহাই লাভ কৰিছে নে নাই, সেই বিষয়ে কোনো তথ্য স্পষ্ট কৰা নাই।

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীয়ে সকলো তথ্য সঠিকভাৱে দাঙি ধৰাটো বাধ্যতামূলক যদিও কুশল দুৱৰীৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হোৱা বুলি অখিল গগৈৰ ব্যক্তিগত সহায়ক আম্লানজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মনোনয়ন পত্ৰত ভুৱা বা আধৰুৱা তথ্য প্ৰদান কৰাৰ বাবে বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী নীতি অনুসৰি ব্যৱস্থা ল’বলৈ ৰাইজৰ দলে কৰ্তৃপক্ষক অনুৰোধ জনাইছে। বৰ্তমান সমগ্ৰ বিষয়টো নিৰ্বাচন আয়োগৰ পৰীক্ষণৰ আওতালৈ অহাৰ লগে লগে শিৱসাগৰৰ ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *