হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন ৮ আৰু ৯ জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে লামডিং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লামডিং আজাদ হিন্দ পাব্লিক লাইব্ৰেৰী আৰু ৰেলৱে’ ইনষ্টিটিউটত অনুষ্ঠিত হয়।

প্ৰথম দিনৰ কাৰ্যসূচী ৮ জুন তাৰিখে আবেলি ১ বজাৰ পৰা ৪ বজালৈ আজাদ হিন্দ পাব্লিক লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।
দ্বিতীয় দিনাৰ কাৰ্যসূচী ৯ জুন তাৰিখে পুৱা ৮ বজাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ পতাকা উত্তোলনৰে আৰম্ভ হয় । পতাকা উত্তোলন কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহম্মদ বৰভূঞাই ।

ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক ৰাজেশ বোস , ৰাজ্যিক কাৰ্যনিৰ্বাহক আনোৱাৰ হুছেইন , জিলাৰ উপ-সভাপতি কিশোৰ কুমাৰ নাথ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক আব্দুল খালিক লস্কৰে ।
পুৱা ৯ বজাত বৃক্ষ ৰোপন কৰে লামডিং আৰক্ষী থানাৰ ভৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰা , জিলাৰ উপ-সভাপতি তমিজুৰ ৰহমান লস্কৰ , তুলসী চাহুৱ আৰু সুনীল নাথে । পুৱা ১০ বজাৰ পৰা আবেলি ১ বজালৈ জিলা প্ৰতিনিধি সভাৰ প্ৰথম আৰু দ্বিতীয় সত্ৰ অনুষ্ঠিত হয় ,যত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক আজিজুৰ ৰহমান আৰু লক্ষ্ণী প্ৰসাদ ডেকা ।

মুকলি সভাত ‘কৰ্মজ্যোতি’ নামেৰে এখন স্মৰণিকা উন্মোচন কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা অনুপ কুমাৰ বৰঠাকুৰে । মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসব চন্দ্ৰ কলিতা , বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা , সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা জামাল আহমেদ , সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি শ্যামন্ত দাস সমন্বিতে অন্যান্য বহু কেইগৰাকী বিশিষ্ট ব্যক্তি । সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান দিলীপ কলিতা ।

নিৰ্দিষ্ট বক্তা দিলীপ কলিতাই চৰকাৰী কৰ্মচাৰী সকলৰ বিভিন্ন দাবী চনদ আৰু এই সমূহৰ বৰ্তমান কি পৰ্যায়ত আছে এই সম্পৰ্কে বক্তব্য আগবঢ়ায় । মুখ্য অতিথি বাসব চন্দ্ৰ কলিতাই চৰকাৰী কৰ্মচাৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বক্তব্য ৰাখে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *