পুৱাৰ এক ভয়ংকৰ বোমা বিস্ফোৰণে মুহূৰ্ততে ছানি ধৰিলে শোকৰ ছাঁ। শনিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত মণিপুৰৰ নোৱে জিলাৰ খৌপুম আৰক্ষী থানাৰ অন্তৰ্গত টাওলিংপুং গাঁৱত সংঘটিত এক শক্তিশালী বিস্ফোৰণত এটি চাৰি বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাৰ লগতে শিশুটিৰ পিতৃ গুৰুতৰভাৱে আহত হয়। মৃত শিশুটি কালাইংগাম্পৌ পামে (৪) বুলি চিনাক্ত কৰা হৈছে। বিস্ফোৰণত শিশুটিৰ পিতৃ থুয়ানকুংগাম পামে (৪০) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে, টাওলিংপুং গাঁৱৰ শিশুৱে লৈ অহা এটা সজীৱ বোমা থুয়ানকুংগামে নিষ্কাশন কৰিবলৈ যত্ন কৰোঁতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়। ঘটনাসূত্ৰই জনোৱা মতে, বিস্ফোৰক সঁজুলিটো পেলাই দিবলৈ যাওঁতে থুয়ানকুংগাম পামে দুৰ্ভাগ্যবশতঃ পিছলি পৰি যায় আৰু লগে লগে বোমাটো ফাটি উঠে। এই বিস্ফোৰণত ওচৰতে থকা শিশুটি থিতাতে নিহত হয় আৰু পিতৃৰ দুয়োখন ভৰি গুৰুতৰভাৱে ক্ষতবিক্ষত হয়। ইফালে, ঘটনাৰ পাছতে আহত পিতৃক উন্নত চিকিৎসাৰ বাবে ইম্ফলৰ ৰাজ মেডিচিটিলৈ প্ৰেৰণ কৰা হৈছে। খৌপুম আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ বিষয়টো নিশ্চিত কৰিছে যদিও এই বোমাটো ক’ৰ পৰা কেনেকৈ অঞ্চলটোলৈ আহিল, সেই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation নিৰ্বাচনী পৰাজয়ৰ ‘চেঞ্চুৰী’ কৰিব কংগ্ৰেছেঃ কাছাৰৰ জনসভাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ কটাক্ষ বৰাকত ৪৭,৮০০ কোটিৰ অভিলাষী প্ৰকল্প; শিলচৰ-শ্বিলং এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ