অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক মহলত এতিয়া সৃষ্টি হৈছে তীব্ৰ জোকাৰণি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ সৈতে জড়িত প্ৰতিষ্ঠানক নীতি-বহিৰ্ভূতভাৱে চৰকাৰী ঠিকা আবণ্টন দিয়াৰ অভিযোগত সোমবাৰে চিবিআই তদন্তৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে অহা দুসপ্তাহৰ ভিতৰত এটা প্ৰাথমিক অনুসন্ধান পঞ্জীয়ন কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক নিৰ্দেশ প্ৰদান কৰিছে। এই তদন্তৰ জৰিয়তে ২০১৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অৰুণাচলত আবণ্টিত সকলো চৰকাৰী ঠিকা আৰু কাৰ্যাদেশৰ পৰীক্ষা কৰিব চিবিআইয়ে। এই গোচৰটোৰ গুৰুত্ব উপলব্ধি কৰি উচ্চতম ন্যায়ালয়ে অহা ১৬ সপ্তাহৰ ভিতৰত তদন্তৰ স্থিতি সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈকো চিবিআইক নিৰ্দেশ দিয়ে। উল্লেখ্য যে যোৱা ১৭ ফেব্ৰুৱাৰীত এই বিষয়ত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰায়দান সংৰক্ষিত ৰাখিছিল। শুনানিৰ সময়ত আদালতক জনোৱা হৈছিল যে যোৱা এটা দশকত প্ৰায় ১,২৭০ কোটি টকাৰ চৰকাৰী ঠিকা পেমা খাণ্ডুৰ পৰিয়ালৰ সৈতে জড়িত চাৰিটাকৈ প্ৰতিষ্ঠানক প্ৰদান কৰা হৈছে। আবেদনকাৰী স্বেচ্ছাসেৱী সংগঠন ‘ছেভ মন ৰিজিঅ’ন ফেডাৰেচন’ আৰু ‘ভলুবেণ্টৰী অৰুণাচল সেনা’ৰ হৈ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দৰ্শায় যে খাণ্ডুৰ আত্মীয়ৰ মালিকানাধীন কোম্পানীসমূহক নীতি উলংঘা কৰি এই বিশাল পৰিমাণৰ ঠিকাৰ দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে। এই আবেদনত পেমা খাণ্ডুৰ লগতে তেওঁৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ দ্বিতীয় পত্নী ৰিনচিন ড্ৰেমা আৰু ভতিজাক চেৰিং তাছিককো প্ৰতিবাদী পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। অভিযোগ অনুসৰি ৰিনচিন ড্ৰেমাৰ প্ৰতিষ্ঠান ‘ব্ৰেণ্ড ইগলছ’ক চৰকাৰী নিয়মক বৃদ্ধাংগুষ্ঠ দেখুৱাই বহুতো ডাঙৰ ঠিকাৰ কাম দিয়া হৈছিল। যদিও অৰুণাচল প্ৰদেশ চৰকাৰে এই আবেদনক ‘পৃষ্ঠপোষকতা কৰা গোচৰ’ বুলি নাকচ কৰিবলৈ চেষ্টা চলাইছিল, তথাপিও বিষয়টোৰ গভীৰতালৈ গৈ উচ্চতম ন্যায়ালয়ে এতিয়া কেন্দ্ৰীয় সংস্থাক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে। উল্লেখ্য যে পেমা খাণ্ডুৰ পিতৃ দৰ্জী খাণ্ডুৱে ২০০৭ চনৰ পৰা ২০১১ চনলৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনৰ এপ্ৰিলত এক হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণ সলনি হয়। বৰ্তমানৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে নিজৰ আত্মীয়ক লাভান্বিত কৰিবলৈ চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে, তাৰ বাবে এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখন এক বৃহৎ প্ৰত্যাহ্বানৰ মুখত পৰিছে। এই তদন্তই অনাগত দিনত অৰুণাচলৰ ৰাজনীতিত কি মোৰ লয়, সেয়া এতিয়া লক্ষ্যণীয় হ’ব। Share this:FacebookX Related Post navigation বশিষ্ঠত শুই থকা অৱস্থাত ভাৰাঘৰত মহিলাৰ মৃ*ত্যু ; মৃতদেহ চমজি লবলৈ নাহিল পৰিয়ালৰ কোনো লোক কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিঃ হোজাইৰ নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী মোদী