ৰে’ল বিভাগত নিযুক্তিৰ বিনিময়ত ভূমি কেলেংকাৰিত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চিবিআই-য়ে ৰুজু কৰা এজাহাৰ খাৰিজ কৰিবলৈ মঙলবাৰে অস্বীকাৰ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আৰজেডি মুৰব্বীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলক সাঙুৰি লোৱা এই গোচৰটোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছত এতিয়া এক নতুন মোৰ লৈছে। ন্যায়াধীশ ৰবীন্দ্ৰ দুদেজাই যাদৱৰ আবেদনখন খাৰিজ কৰি ২০২২, ২০২৩ আৰু ২০২৪ চনত দাখিল কৰা তিনিখনকৈ অভিযোগনামা বাতিলৰ দাবীও অগ্ৰাহ্য কৰে। উচ্চ ন্যায়ালয়ৰ ৰায়দানত উল্লেখ কৰা অনুসৰি, আবেদনখনত কোনো যুক্তিসংগত ভিত্তি নথকাৰ বাবে ইয়াক খাৰিজ কৰা হৈছে। ২০০৪ চনৰ পৰা ২০০৯ চনলৈ লালু প্ৰসাদ যাদৱ ৰেল মন্ত্ৰী হৈ থকাৰ সময়ত মধ্যপ্ৰদেশৰ জবলপুৰস্থিত ৰেলৱেৰ পশ্চিম মধ্য মণ্ডলত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। এই নিযুক্তিৰ বিনিময়ত প্ৰাৰ্থীসকলে লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ সদস্য বা সহযোগীৰ নামত মাটি হস্তান্তৰ কৰা বুলি চিবিআই-য়ে তদন্তত তথ্য লাভ কৰে। ৭৭ বছৰীয়া লালু প্ৰসাদ যাদৱে আদালতত যুক্তি দিছিল যে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৭এ ধাৰাৰ অধীনত চিবিআই-য়ে পূৰ্ব অনুমতি অবিহনে এই তদন্ত আৰু এজাহাৰ ৰুজু কৰাটো আইনগতভাৱে বৈধ নহয়। উল্লেখ্য যে ২০২২ চনৰ ১৮ মে’ত যাদৱৰ পত্নী ৰাবড়ী দেৱী আৰু দুই কন্যাকো সাঙুৰি এই গোচৰটো ৰুজু কৰা হৈছিল। বৰ্তমান জামিনত থকা লালু প্ৰসাদ যাদৱৰ বাবে উচ্চ ন্যায়ালয়ৰ এই শেহতীয়া স্থিতিয়ে আইনগত যুঁজখন অধিক জটিল কৰি তোলাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation বাক্সা কাৰাগাৰত আৰক্ষীৰ গুলীচালনা! কৰ্তব্যৰত অৱস্থাতে কনিষ্টবলৰ আত্মহননৰ চেষ্টা শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে শপতনামাত তথ্য গোপনৰ গুৰুতৰ অভিযোগ