এক মৰ্মান্তিক দুৰ্ঘটনাৰ পাছত বিগত ১৩ বছৰে অৰ্ধচেতন অৱস্থাত পৰি থকা ৩১ বছৰীয়া হৰিশ ৰাণাক অৱশেষত মৃত্যুৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। পিতৃ-মাতৃৰ আৱেদনৰ ভিত্তিত সঁহাৰি জনাই আজি শীৰ্ষ আদালতে হৰিশৰ জীৱন দায়িনী চিকিৎসা বা লাইফ ছাপ’ৰ্ট আঁতৰাই পেলাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে নিষ্ক্ৰিয় ইচ্ছামৃত্যু সন্দৰ্ভত এক সুকীয়া আইন প্ৰণয়ন কৰিবলৈকো কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে। ২০১৩ চনত পঞ্জাব বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৰিশ ৰাণাই এটা ভৱনৰ চতুৰ্থ মহলাৰ পৰা পৰি মগজুত গুৰুতৰ আঘাত পাইছিল। তেতিয়াৰ পৰাই তেওঁ সম্পূৰ্ণৰূপে শয্যাগত হৈ আছিল। বিচাৰপীঠে এই আবেগিক ৰায়দানৰ সময়ত শ্যেক্সপীয়েৰৰ ‘হেমলেট’ৰ বিখ্যাত উদ্ধৃতি ‘টু বি অৰ নট টু বি’ উল্লেখ কৰি কয় যে এজন চিকিৎসকৰ কৰ্তব্য ৰোগীক সুস্থ কৰা হ’লেও, যি ক্ষেত্ৰত আৰোগ্যৰ কোনো আশা নাথাকে, তাত সেই কৰ্তব্যৰ সীমা সমাপ্ত হয়। হৰিশৰ পৰিয়ালে বিশেষকৈ তেওঁৰ বৃদ্ধ পিতৃ-মাতৃয়ে বিগত ১৩ বছৰে পুত্ৰক যি নিঃস্বাৰ্থ সেৱা আগবঢ়াই আহিছে, তাকো আদালতে উচ্চ প্ৰশংসা কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, এই প্ৰক্ৰিয়াটো এইমছৰ পলিটিভ কেয়াৰত এক সুপৰিকল্পিত আঁচনিৰ জৰিয়তে সম্পন্ন কৰিব লাগিব যাতে হৰিশৰ মৰ্যাদা অটুট থাকে। আদালতে স্পষ্ট কৰি দিয়ে যে জীৱন দায়িনী চিকিৎসা আঁতৰোৱাৰ সিদ্ধান্ত ৰোগীজনৰ স্বাৰ্থ আৰু চিকিৎসাৰ বিফলতা- এই দুয়োটা ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি ল’ব লাগে। উল্লেখ্য যে ২০১১ চনত অৰুণা শানবাগৰ গোচৰত উচ্চতম ন্যায়ালয়ে ভাৰতত নিষ্ক্ৰিয় ইচ্ছামৃত্যুক বৈধতা দিছিল যদিও প্ৰতিটো গোচৰত আদালতৰ হস্তক্ষেপৰ প্ৰয়োজন হৈছিল। হৰিশৰ এই ঘটনাৰ পাছত এতিয়া সমগ্ৰ দেশতে নিষ্ক্ৰিয় ইচ্ছামৃত্যুৰ আইনৰ প্ৰয়োজনীয়তা লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। আদালতে মত প্ৰকাশ কৰে যে চিকিৎসা বিজ্ঞানে এজন ব্যক্তিক জীয়াই ৰাখিব পাৰিলেও, সেই জীৱনত যদি কোনো চেতনা বা আশা নাথাকে, তেন্তে তেওঁক যাবলৈ দিয়াটোহে মানৱীয়তা। পৰিয়ালৰ বাবে এয়া এক মৰ্মান্তিক লোকচান হ’লেও, হৰিশৰ বাবে এয়া দীৰ্ঘদিনীয়া যন্ত্ৰণাৰ পৰা মুক্তি হ’ব বুলি ধাৰণা কৰা হৈছে। Share this:FacebookX Related Post navigation ৰঞ্জী ট্ৰফী চেম্পিয়ন জম্মু-কাশ্মীৰ; বিচিচিআইৰ পৰা ৫ কোটি টকাৰ পুৰস্কাৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰচেষ্টা বিফল কংগ্ৰেছৰ; নিৰ্বাচনৰ পূৰ্বে থমকি ৰ’ল আসন বুজাবুজিৰ আলোচনা