জুন-জুলাই নহয়, এইবাৰ মাৰ্চৰ আৰম্ভণিতেই প্ৰচণ্ড গৰমে দহিছে দিল্লীবাসীক । দেশৰ ৰাজধানী চহৰখনত বৃহস্পতিবাৰৰ দিনটো চলিত ঋতুৰ আটাইতকৈ উষ্ণ দিন হিচাপে ৰেকৰ্ড কৰা হৈছে । দিনটোত প্ৰখৰ ৰ’দৰ মাজতেই সৰ্বোচ্চ উষ্ণতা ৩৪.৩ ডিগ্ৰী চেলছিয়াছ হয়গৈ । এই উষ্ণতা স্বাভাৱিকতকৈ ৬.৯ ডিগ্ৰী চেলছিয়াছ বেছি ।উল্লেখ্য় যে ২০১১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ১০ মাৰ্চৰ পূৰ্বে সৰ্বোচ্চ উষ্ণতা কেতিয়াও ৩৪ ডিগ্ৰীতকৈ অধিক হোৱা নাছিল । তথ্য় অনুসৰি ২০২১ চনত ৮ মাৰ্চত ৩৪ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *