কেৰালা ষ্টৰী চিনেমাখনৰ পৰিচালক সুদীপ্ত সেনে আগন্তুক লোককথাৰ থ্ৰিলাৰ ছবি ‘চৰক’ৰ ট্ৰেইলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে, যিখন চিনেমাৰ প্ৰযোজকৰ দায়িত্বত আছে জনপ্ৰিয় পৰিচালকজন। ‘চৰক’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত প্ৰযোজক সুদীপ্ত সেনে নৱনিৰ্মিত চৰক ​​আৰু কেৰালা ষ্টৰী চিনেমাৰ বিতৰ্কৰ কথা দোহাৰে। উল্লেখ্য যে, বহুপ্ৰতীক্ষিত ছবিখন অহা ৬ মাৰ্চত ছবিগৃহত মুক্তি পাব। এই বিষয়ে নিজৰ মনোভাৱ ব্যক্ত কৰি কয় যে, “সঁচা কথা ক’বলৈ গ’লে, মই অন্তৰেৰে কোনো বিতৰ্কিত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ওলাই অহা নাছিলোঁ; মই কেৱল এনেকুৱা বিষয় বাছনি কৰোঁ, যিয়ে মোক সঁচাকৈয়ে বিচলিত আৰু চিন্তিত কৰে। মই কেতিয়াও দ্য কেৰালা ষ্টৰী চিনেমাখন ইচ্ছাকৃত বা কল্পকাহিনীৰ ৰূপত নিৰ্মাণৰ পৰিকল্পনা কৰা নাছিলোঁ। ২০১৪ চনত মই কেৰালাৰ কোচিত থকাৰ সময়ত মোৰ সন্মুখত এনে এক ঘটনা ঘটিছিল যিয়ে মোক গভীৰভাৱে প্ৰভাৱিত কৰিছিল আৰু কাহিনীটোৰ বীজ অংকুৰিত হৈছিল।  সময়ৰ লগে লগে সেই জীৱন্ত অভিজ্ঞতাই এখন পূৰ্ণাংগ চলচ্চিত্ৰৰ ৰূপ পালে, যি অৱশেষত ২০২৩ চনত সম্পূৰ্ণ হৈ মুক্তি লাভ কৰিছিল।”

আনহাতে, চৰক ধাৰণাটো মনলৈ কেনেকৈ আহিছিল সেই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে,” মোৰ দীৰ্ঘদিনীয়া আস্থাৰ প্ৰতি টান আৰু আমাৰ দেশৰ ভিতৰুৱা অঞ্চলত বিদ্যমান শক্তিশালী ৰীতি-নীতিৰ পৰা চৰকৰ ধাৰণাটো জন্ম হৈছিল। মোৰ ভ্ৰমণৰ সময়ত, মই পৰম্পৰাগত চৰক উৎসৱক আগুৰি থকা তীব্ৰতা আৰু আৱেগিক গভীৰতা প্ৰত্যক্ষ কৰিছিলোঁ। সময়ৰ লগে লগে সেই জীৱন্ত অভিজ্ঞতা আস্থা, ভক্তি আৰু বিশ্বাস আৰু ভয়ৰ মাজৰ সূক্ষ্ম ৰেখা অন্বেষণ কৰা এক কাহিনীলৈ বিকশিত হৈছিল।” 

অঞ্জলি পাটিল, চাহিদূৰ ৰহমান, সুব্ৰত দত্ত, শশী ভূষণ, নলনীশ নীল, শংখদ্বীপ আৰু চৌনক শ্যামলে অভিনয় কৰা এই চলচ্চিত্ৰখনত ভাৰতৰ আভ্যন্তৰীণ অঞ্চলত অন্ধ বিশ্বাস আৰু গুপ্তবিদ্যাৰ সাধনাৰ সৈতে জড়িত বাস্তৱ জীৱনৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছে। চলচ্চিত্ৰখন পেন ষ্টুডিঅ’ৰ সহায়ত উপস্থাপন কৰা হৈছে। শিলাদিত্য মৌলিকৰ দ্বাৰা পৰিচালিত চৰক চিনেমাখন চিপিং টি চিনেমাছে সুদীপ্ত সেন প্ৰডাকচনৰ সহযোগত প্ৰযোজনা কৰিছে, য’ত ৰাজেশ ভাটে সহযোগী প্ৰযোজক হিচাপে কাম কৰিছে।  চৰক চিনেমাখনৰ অফিচিয়েল ট্ৰেইলাৰ চাওক : https://www.youtube.com/watch?v=uESlhtAmOtk

Leave a Reply

Your email address will not be published. Required fields are marked *