দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি(ভোডাফোন আইডিয়া)-এ আজি নিজৰ গ্ৰাহকসকলে ঋণ, ফিক্সড ডিপ’জিট আৰু ক্ৰেডিট কাৰ্ড সহজে লাভ কৰাত সহায়ক হোৱাকৈ ভি এপত এক বিস্তৃত প্লেটফৰ্ম ভি ফাইনেন্স মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা ভি এপত অন্যান্য উপযোগী বৈশিষ্ট্য আৰু সামৰ্থ্য যোগ কৰা হৈছে, যিয়ে ইতিমধ্যে একাধিক সেৱা যেনে ইউটিলিটি পেমেণ্ট, চিনেমা আৰু টিভি শ্ব’, গেমিং ই-কমাৰ্চ আৰু দ্ৰুত কমাৰ্চত শ্বপিং ৰেহাই আৰু অন্যান্য সুবিধাসমূহ প্ৰদান কৰে। ভি এপক বিভিন্ন জীৱনশৈলীৰ প্ৰয়োজনীয়তাৰ বাবে ৱান-ষ্টপ সমাধান হিচাপে গঢ়ি তোলাৰ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত, ভি ফাইনেঞ্চক ব্যক্তিগত ঋণ, স্থায়ী জমা আৰু ক্ৰেডিট কাৰ্ডসমূহত সুবিধাজনক, ব্যাপক ব্যক্তিগত বিত্তীয় সমাধান আগবঢ়োৱাৰ লক্ষ্যৰে বিশ্বস্ত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ কৰা হৈছে। ভি ফাইনেঞ্চৰ সৈতে ভি এপৰ ভিতৰত বিত্তীয় সমাধানসমূহ সহজ, দ্ৰুত আৰু সুলভ কৰি আমি গ্ৰাহকসকলক সাধাৰণ জটিলতাসমূহ নোহোৱাকৈ নিজৰ বিত্তীয় ব্যৱস্থাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰিছোঁ। বিশ্বাসযোগ্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে আমাৰ অংশীদাৰিত্বই নিশ্চিত কৰে যে প্ৰতিজন গ্ৰাহকে নিজৰ প্ৰয়োজন অনুসৰি সঠিক সামগ্ৰী বিচাৰি পাব পাৰে। আমি বিশ্বাস কৰোঁ যে এই ডিজিটেল-প্ৰথম, কাগজবিহীন পদ্ধতিয়ে লাখ লাখ ভাৰতীয়ক নিজৰ বিত্তীয় ব্যৱস্থা সৰল কৰি তুলিব।” Share this:FacebookX Related Post navigation অসমত ব্যৱসায়িক শুভাৰম্ভণিৰ কথা ঘোষণা মুথূট মাইক্ৰ’ফিনৰ এছএপি আৰু আইআইএমএ ভেঞ্চাৰ্ছে উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ৭৫টা প্ৰভাৱ-কেন্দ্ৰিক সামাজিক উদ্যোগক সহায় কৰাৰ বাবে এন ই জি এল আৰম্ভ কৰিছে