অৱশেষত মিত্ৰতা ভংগ হ’ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। এটা সমষ্টিক কেন্দ্ৰ কৰি দুই দলৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবেই অৱশেষত মিত্ৰতাত যতি পৰাৰ কথা ঘোষণা কৰিলে অখিল গগৈয়ে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যত ফাট মেলাৰ এই খবৰে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই মিত্ৰতা ভংগৰ বাবে পোনপটীয়াকৈ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক দোষাৰোপ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাবেই মিত্ৰতাৰ আলোচনা বিফল হ’ল। কংগ্ৰেছে আমাক মাত্ৰ ১৩খন আসনৰ প্ৰস্তাৱ দিছিল। আমি কেৱল ধিং সমষ্টিটো বিচাৰিছিলোঁ আৰু সেইটো এৰি দিয়া হ’লে আমি একেলগে নিৰ্বাচন খেলিবলৈ সাজু আছিলোঁ।” গগৈয়ে লগতে অভিযোগ কৰে যে কিছুমান কংগ্ৰেছ নেতা মিত্ৰতাৰ বাবে ধিং সমষ্টিটো এৰি দিবলৈ মান্তি হৈছিল যদিও গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে তাত বাধা প্ৰদান কৰিলে। এই সংঘাতৰ পৰিপ্ৰেক্ষিতত ধিং সমষ্টিত এতিয়া দুই দলৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈছে। ৰাইজৰ দলে ইয়াত ৰাহুল চেত্ৰীক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছে প্ৰক্ষেপ কৰিছে প্ৰতীক বৰদলৈক। ইফালে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ‘পেৰাচুট প্ৰাৰ্থী’ বুলি কটাক্ষ কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীয়ে। তেওঁ কয়, “সমষ্টিটোৰ সৈতে কোনো সম্পৰ্ক নথকা এজন ব্যক্তিক কংগ্ৰেছে আমাৰ বিৰুদ্ধে নমাইছে। তেওঁ স্থানীয় সমস্যাৰ বিষয়ে একোৱেই নাজানে।” বিৰোধী শিবিৰৰ এনে অঁৰিয়াঅঁৰিয়ে এতিয়া নিৰ্বাচনৰ ফলাফলত কেনে প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষ্যণীয়। Share this:FacebookX Related Post navigation “ৰাজ্যত ভয়ৰ বাতাৱৰণ” — সাধাৰণ ৰাইজ মুখ খুলিবলৈ ভয় কৰে বুলি মন্তব্য গৌৰৱ গগৈৰ কলাসমন্বয়ৰ আয়োজনে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে বসন্তবিলাস উদযাপন