দেশৰ সবাতোকৌ প্ৰিয় নেমু আৰু চূণৰ সোৱাদযুক্ত পানীয় স্প্ৰাইটে উদ্বোধনী ছিজনৰ অভাৱনীয় সফলতাৰ পিছত দ্বিতীয়বাৰলৈ আগবঢ়াইছে ‘জোক ইন এ বটল’। এই ছিজন অধিক আকৰ্ষণীয় আৰু বিনোদনভৰা কৰি তুলিবলৈ স্প্ৰাইটে আৰম্ভ কৰিছে এক নতুন অভিযান, ‘স্কেন কৰো, কৌতুক সুনো, থণ্ড ৰাখো!’। এই অভিযানত ৯+ আঞ্চলিক ভাষাত বিভিন্ন কমেডী প্ৰদৰ্শন কৰা হ’ব, য’ত পৰীক্ষা, কলেজ, হৃদয়ৰ সম্পৰ্ক আৰু খাদ্য ইত্যাদি বিষয়সমূহ সামৰি লোৱা হ’ব। স্প্ৰাইট হৈছে আজিৰ দ্ৰুতগতিত আগবাঢ়ি যোৱা পৃথিৱীখনত ভালদৰে খাপ খাই পৰা এক শীতল ব্ৰেণ্ড, যিয়ে যুৱক-যুৱতীসকলৰ বাবে এক সতেজ ৰূপ-অনুভৱ প্ৰদানৰ ব্যৱস্থা কৰে। কমিউনৰ সৈতে অংশীদাৰিত্ব কৰি ‘জোক ইন এ বটল’ অভিযান আৰম্ভ কৰিছে স্প্ৰাইটে, য’ত ভাৰতৰ শীৰ্ষ ১৪ জন কমেডিয়ানৰ লগতে দেশৰ অন্যতম জনপ্ৰিয় অভিনেতা-কমেডিয়ান কপিল শৰ্মাও অংশগ্ৰহণ কৰিছে। সৰ্বভাৰতীয় আৰু আঞ্চলিক পৰ্যায়ত ৯টা ভাষাত ৫০০ৰো অধিক কৌতুক প্ৰদৰ্শিত হ’ব, যিবোৰ গ্ৰাহকে নিজৰ হোৱাটছএপত কিউআৰ কোড স্কেন কৰি লাভ কৰিব পাৰিব। কোকাকোলা ইণ্ডিয়া আৰু দক্ষিণ-পশ্চিম এছিয়াৰ স্পাৰ্কলিং ফ্লেভাৰৰ ছিনিয়ৰ কেটেগৰীৰ ডাইৰেক্টৰ টিছ কণ্ডেনোৱে এই পদক্ষেপৰ বিষয়ে নিজৰ উত্সাহ ব্যক্ত কৰি কয় যে, “যোৱা বছৰ আমি লাভ কৰা অসাধাৰণ সঁহাৰিৰ পিছত আমি স্প্ৰাইটৰ কৌতুক ইন এ বটল অভিযান পুনৰ আগবঢ়াবলৈ পাই যথেষ্ট আহ্লাদিত হৈছোঁ।” এই অভিযানে হাঁহিৰ এক অতুলনীয় খোৰাক প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে, কৌতুকবোৰ ৯টা ভাষাত সৃষ্টি কৰি বিভিন্ন গ্ৰাহকক আকৰ্ষণ আৰু বিনোদন প্ৰদানৰ প্ৰয়াস কৰা হৈছে। এই অভিযানৰ লক্ষ্য হৈছে কমেডীৰ জগতখনত আধিপত্য বিস্তাৰ কৰা আৰু গ্ৰাহকৰ বাবে এক অনন্য আৰু মনোৰঞ্জনমূলক অভিজ্ঞতা প্ৰদান কৰা। Share this:FacebookX Related Post navigation মহানগৰীত STFৰ সফল অভিযান এমজিয়ে ভাৰতত এম জি হেক্টৰৰ ব্লেকষ্টৰ্ম সংস্কৰণ মুকলি কৰে