পথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে পৰিবহণ বিভাগে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত আগন্তুক বিশ্বকৰ্মা পূজাত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত চৰকাৰী-বেচৰকাৰী তথা ব্যক্তিগত মালিকানাধীন যানবাহনৰ সহায়ক (হেণ্ডিমেন) আৰু যান-বাহন মেৰামতি প্ৰতিষ্ঠানৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ বাবে বিশেষ জনসেৱা মাহৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ বিশ্বকৰ্মা পূজা বুলিলেই যিহেতু এইসকল লোকে নিজকে এক নতুন উদ্যম আৰু কৰ্ম-প্ৰেৰণাৰে গঢ়ি তোলা দেখা যায় সেয়ে আগন্তুক বিশ্বখনিকৰৰ পূজাৰ পৰা তেওঁলোকক বিশেষভাবে প্ৰশিক্ষণ প্ৰদানৰ লগতে বাহন চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ এখন নিজে উলিয়াই ল’ব পৰাকৈ সম্যক জ্ঞান আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে ৷ এই সন্দৰ্ভত পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে কয় যে গাড়ীৰ সহায়ক তথা হেন্দিমেন আৰু বাহন মেৰামতি প্ৰতিষ্ঠানত নিয়োজিত কৰ্মচাৰীসকল সমাজৰ একশ্ৰেণী নীৰব কৰ্মী তথা নীৰৱ সাধক। তেওঁলোকে সকলোৰে অলক্ষিতে পৰিবহণ খণ্ডৰ লগতে সকলো শ্ৰেণীৰ বাহনৰ গৰাকী আৰু যাত্ৰীলৈ সহযোগিতা আগবঢ়াই আহিছে। বিশেষকৈ সুৰক্ষিত যাতায়াতৰ বাবে বাহনসমূহ যান্ত্ৰিকভাৱে সঠিক হৈ থকাত এইসকল লোকৰ অৱদান অতুলনীয়। অথচ তেওঁলোক বাহনৰ “অৰ্ধশিকাৰু”হে ৷

তেওঁলোকৰ বহুতেই দেখি দেখিয়ে গাড়ী চলাব পৰা হয়। কিন্তু এখন অনুজ্ঞাপত্ৰ নথকাৰ বাবে তেওঁলোকৰ বহুতেই নিজৰ অৱস্থাৰ উন্নতি সাধন কৰিব নোৱাৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিশ্বকৰ্মা পূজাৰ দিনাৰ পৰাই কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এইসকল লোকে যাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজৰ সামৰ্থ-অৰ্হতাৰ ভিত্তিত উলিয়াই ল’ব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি অহা ১৮ছেপ্টেম্বৰৰ পৰা এমাহৰ কাৰণে ইচ্ছুক আবেদনকাৰীক জনসেৱা মাহৰ সহযোগিতা আগবঢ়োৱা হ’ব। ইচ্ছুক ব্যক্তিসকলক পৰিবহণ বিষয়া কাৰ্যালয়ৰ চৌহদত অৱস্থিত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰত উপস্থিত হৈ মুখ্য-সমন্বয়ক জয়ন্ত দাসৰ লগত ৯৮৫৯২৭৩১৫৫ নম্বৰত যোগাযোগ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ ইফালে বিশ্বকৰ্মা পূজাৰ পৰাই যিহেতু বিভিন্ন পূজা-পাৰ্বনৰ লগতে বছৰটোলৈ বহুকেইটা উৎসৱ-অনুষ্ঠান আৰম্ভ হয় আৰু এনেকুৱা উৎসৱমুখৰ পৰিৱেশত বিপদমুক্ত যাতায়াতৰ বাবে অধিক পৰিমাণে সতৰ্ক হ’বলগীয়া হয় সেয়ে যানবাহন ব্যৱহাৰকাৰীক নিজৰ বাহনসমূহৰ সম্ভাব্য সকলোধৰণৰ কাৰিকৰী আসোঁৱাহ দূৰ কৰি ল’বলৈ পৰিবহণ বিষয়া গৰাকীয়ে আহ্বান জনায়৷

যান্ত্ৰিক সক্ষমতা সন্দৰ্ভত নিশ্চিত হোৱাৰ পিছতে সঠিক নথিপত্ৰ লগত ৰাখিহে বাহন চলাবলৈ পৰিবহণ বিষয়াগৰাকীয়ে আহ্বান জনায়। কিয়নো সঠিক নথিপত্ৰ অবিহনে সুৰক্ষিত যাতায়াত সম্ভৱ নহয়৷ নথি-পত্ৰসমূহ সঠিক হৈ নথকা বাহন দুৰ্ঘটনাগ্ৰস্ত হ’বলগীয়া হ’লে চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা কোনোধৰণৰ ক্ষতিপূৰণ নাপাবও পাৰে। সেয়ে বিশ্বকৰ্মা পূজালৈ বাহনসমূহ ধুই-পখালি পৰিস্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ সময়তে প্ৰয়োজন সাপেক্ষে যাৱতীয় কৰ-কাটল আদায় দি বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ল’বলৈ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে সকলোৰে প্ৰতি বিনম্ৰ আহ্বান জনায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *