চনী ইণ্ডিয়াই মুকলি কৰিলে নিজৰ শেহতীয়া বহুচৰ্চিত কেমেৰা আলফা™ ১ II, যিয়ে পেছাদাৰীসকলক ৫০.১ মেগাপিক্সেল ৰিজল্যুচন, উন্নত এআই অটোফ’কাছ আৰু ৮কে ভিডিঅ’ ক্ষমতাৰ শক্তিশালী সংমিশ্ৰণ প্ৰদান কৰিছে। গতি, স্পষ্টতা আৰু নিখুঁততা বিচৰা ফটোগ্ৰাফাৰ আৰু ভিডিঅ’গ্ৰাফাৰৰ বাবে ডিজাইন কৰা এই কেমেৰাটো ২৫ জুনৰ পৰা ৫,৭৯,৯৯০ টকাত বিক্ৰী হ’ব। আলফা ১ II কেমেৰাটো ৩০ এফপিএছলৈকে ব্লেকআউট-মুক্ত শ্বুটিং, ৰিয়েল-টাইম চিনাক্তকৰণ এএফ আৰু এটা চেকেণ্ডলৈকে প্ৰি-কেপচাৰ সক্ষম কৰে, যি এটা ষ্টেক কৰা এক্সমৰ আৰএছটিএম চিমছ চেন্সৰ আৰু বিয়ঞ্জ এক্সআৰটিএম প্ৰচেছৰৰ সৈতে সজ্জিত। ইয়াৰ লগতে ৮কে ৩০পি আৰু ৪কে ১২০ পি ৰেকৰ্ডিং সমৰ্থন কৰে, সমান্তৰালভাৱে ক্ৰিস্প আৰু ডাইনেমিক ফুটেজৰ বাবে ৮.৫ ষ্টপলৈকে ইমেজ ষ্টেবিলাইজেচনৰ দ্বাৰা উন্নত কৰি তোলা হৈছে।

চনীয়ে বাঁহ আৰু কুঁহিয়াৰৰ মজ্জাৰ পৰা তৈয়াৰ কৰা প্লাষ্টিক-মুক্ত, পৰিৱেশ-অনুকূল সামগ্ৰীৰে আলফা ১ II কেমেৰাৰ পেকিং কৰি বহনক্ষমতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীৰ ফটোগ্ৰাফী খুচুৰা বিক্ৰেতা আৰু পেছাদাৰীসকলে উত্তৰ-পূবত বন্যপ্ৰাণী আৰু ক্ৰীড়াৰ বাবে উচ্চ গতি, এআই-সক্ষম কেমেৰাৰ বৰ্ধিত চাহিদাৰ কথা উল্লেখ কৰি এই শুভাৰম্ভণিক আদৰণি জনাইছে। “নতুন কেমেৰাটোৰ উন্নত ট্ৰেকিং সুবিধাসমূহে এই মডেলটো কাজিৰঙা বা বিহুৰ সময়ত একচনেৰে ভৰপুৰ চিত্ৰগ্ৰহণৰ বাবে সঠিক বিকল্প”, এজন স্থানীয় খুচুৰা বিক্ৰেতাই এইদৰে কয়।

এই কেমেৰাটো চনী চেণ্টাৰ, আলফাৰ সকলো আগশাৰীৰ ষ্টৰ আৰু সমগ্ৰ ভাৰতৰ আগশাৰীৰ অনলাইন প্লেটফৰ্মৰ জৰিয়তে উপলব্ধ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *