দীৰ্ঘদিনীয়া বন্দীত্ব আৰু তীব্ৰ আইনী বিতৰ্কৰ পাছত এতিয়া মুকলি আকাশৰ তললৈ আহিব লাডাখৰ সৰব পৰিৱেশ কৰ্মী সোণম ৱাংচুক। কেন্দ্ৰীয় চৰকাৰে শনিবাৰে এক আনুষ্ঠানিক বিবৃতিযোগে বিশিষ্ট শিক্ষাবিদ তথা পৰিৱেশ কৰ্মী সোনম ৱাংচুকক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত থকা তেওঁৰ জিম্মা বাতিল কৰি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী পক্ষৰ পৰা প্ৰসংগটো স্পষ্ট কৰি এক বিবৃতিত কোৱা হৈছে, “চৰকাৰে লাডাখৰ বিভিন্ন পক্ষ আৰু সমাজৰ নেতৃবৃন্দৰ সৈতে সক্ৰিয়ভাৱে মত বিনিময় কৰিছে যাতে অঞ্চলটোৰ জনসাধাৰণৰ আশা-আকাংক্ষা আৰু চিন্তাৰ সমাধান কৰিব পৰা যায়।” বিবৃতিটোত লগতে কোৱা হৈছে, “সকলো পক্ষৰ সৈতে এক ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ আলোচনাৰ সুবিধাৰ বাবে চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত লাভ কৰা ক্ষমতা প্ৰয়োগ কৰি সোনম ৱাংচুকৰ জিম্মা তাৎক্ষণিকভাৱে বাতিল কৰাৰ সিদ্ধান্ত লৈছে।” উল্লেখযোগ্য যে, যোৱা ২৬ ছেপ্টেম্বৰত লাডাখত সংঘটিত এক হিংসাত্মক প্ৰতিবাদৰ পাছতে সোনম ৱাংচুকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। বিগত প্ৰায় ৫ মাহ ধৰি তেওঁক বন্দী কৰি ৰখাৰ পাছত এই সমগ্ৰ প্ৰক্ৰিয়াটো অসাংবিধানিক আৰু প্ৰমাণবিহীন বুলি বিভিন্ন মহলত অভিযোগ উত্থাপন হৈ আহিছে। লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত চলোৱা আন্দোলনৰ বাবে জাপি দিয়া এই ধাৰাসমূহক লৈ চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। আনহাতে, সোনম ৱাংচুকৰ এই মুক্তিৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু লাডাখৰ জনসাধাৰণৰ মাজত বিৰাজ কৰা সংঘাতৰ পৰিৱেশ কেনেকৈ সমাধান হয়, সেয়া লক্ষ্যণীয় হ’ব। ইফালে বিশেষজ্ঞসকলৰ মতে, দেশজুৰি হোৱা প্ৰতিবাদ আৰু আইনী হেঁচাৰ বাবেই চৰকাৰে ৱাংচুকক মুকলি কৰি দিবলৈ বাধ্য হৈছে। Share this:FacebookX Related Post navigation ডাইকিন ইণ্ডিয়াক ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী পৰাজয়ৰ ‘চেঞ্চুৰী’ কৰিব কংগ্ৰেছেঃ কাছাৰৰ জনসভাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ কটাক্ষ