ভাৰতত ২৫ বছৰ আৰু বিশ্বব্যাপী ১৩০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে Škoda Auto Indiaই বেষ্টচেলিং মডেল Kushaq, Slavia আৰু Kylaqৰ লিমিটেড এডিশ্যন মুকলি কৰিছে। এই এক্সক্লুচিভ, সীমিত সংস্কৰণসমূহত বিশেষ ডিজাইনৰ উন্নতি আৰু প্ৰিমিয়াম ফিচাৰৰ লগতে স্পেচিয়েল ২৫ বছৰৰ বে’জিং সংযোগ কৰা হৈছে, যি এই বিশেষ মাইলষ্ট’ন আৰু ভাৰতীয় বজাৰৰ প্ৰতি ব্ৰেণ্ডৰ অংগীকাৰক প্ৰতিফলিত কৰে। এই লিমিটেড এডিশ্যনসমূহ  Kushaq আৰু Slaviaৰ Monte Carlo আৰু Kylaqৰ Prestige আৰু Signature+ৰ দৰে হাই-স্পেক ট্ৰিমৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে।

Škoda Auto Indiaৰ ব্ৰেণ্ডৰ ডাইৰেক্টৰ আশিস গুপ্তাই ব্ৰেণ্ডটোৰ ২৫ বছৰ আৰু এই নতুন লিমিটেড এডিশ্যন মডেলৰ মুকলি কৰাৰ সম্পৰ্কে কয় যে,
“আমি ভাৰতত Škoda Autoৰ ২৫টা অবিস্মৰণীয় বছৰ উদযাপন কৰিবলৈ Kylaq, Kushaq আৰু Slaviaৰ লিমিটেড এডিশ্যন মুকলি কৰিছোঁ। এই বিশেষ সংস্কৰণকেইটা আমাৰ অনুৰাগীসকলৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে, য’ত স্প’ৰ্টী লুক আৰু প্ৰীমিয়াম ফিচাৰৰ সংমিশ্ৰণ আছে, যেনে ফ্ৰি এক্সেচ’ৰীজ কিট আৰু ড্ৰাইভিং অভিজ্ঞতা উন্নত কৰা স্মাৰ্ট ইন’ভেশ্যনসমূহ। আমাৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অনুৰাগীসকলৰ পৰিয়াললৈ এয়া আমাৰ এক ধন্যবাদসূচক উপহাৰ আৰু ইয়াৰ জৰিয়তে আমি গ্ৰাহকৰ নিৰন্তৰ বিকশিত পচন্দৰ সৈতে খাপ খোৱা প্ৰ’ডাক্ট আগবঢ়োৱাৰ প্ৰতি আমাৰ চিৰদিনীয়া অংগীকাৰ প্ৰকাশ কৰিছোঁ। অতীত, বৰ্তমান আৰু আহিবলগীয়া আকৰ্ষণীয় ভৱিষ্যতৰ বাবে সকলোকে শুভেচ্ছা জনালোঁ!”

Kushaq Monte Carlo লিমিটেড এডিশ্যন


এই লিমিটেড এডিশ্যন ভেৰিয়েণ্টটোৱে Monte Carlo-ক এক ব’ল্ড, স্পৰ্টী ৰূপ দিছে। এইটো মডেল ডীপ ব্লেক আৰু টৰ্নেড’ ৰেড এই দুটা ৰঙত উপলব্ধ, আৰু বডী কালাৰৰ ভিত্তিত কনট্ৰাষ্টিং কালাৰ যোগ কৰা হৈছে। ডীপ ব্লেক ৰঙৰ বিকল্পটোত এক্সেচ’ৰীজৰ ৰং হ’ব টৰ্নেড’ ৰেড, টৰ্নেড’ ৰেড সংস্কৰণত থাকিব ডীপ ব্লেক এক্সেচ’ৰীজ, যি গাড়ীখনক এক অনন্য ৰূপ প্ৰদান কৰিব। ডিজাইন এমবেলিশ্বমেণ্টত অন্তৰ্ভুক্ত কৰা হৈছে ফ’গ লেম্প গাৰ্নিশ্ব, ট্ৰাংক গাৰ্নিশ্ব আৰু ল’ৱাৰ ড’ৰ গাৰ্নিশ্ব। লিমিটেড এডিশ্যনত গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ ফিচাৰ হিচাপে ফ্ৰি এক্সেচ’ৰীজ কিট এটাও অন্তৰ্ভুক্ত কৰা হৈছে, য’ত আছে ৩৬০0-ডিগ্ৰী কেমেৰা ছেট-আপ, পুডল লেম্প, আণ্ডাৰবডী লাইট, ফিন স্পইলাৰ আৰু B-pillarত ২৫তম এনিভাৰ্ছেৰী বে’জিং।

Leave a Reply

Your email address will not be published. Required fields are marked *